ETV Bharat / state

BJP leader raped Girlfriend: প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা

author img

By

Published : Mar 1, 2023, 7:33 PM IST

প্ৰেম কৰোতে সাৱধান হওক ৷ প্ৰেমিকাক বিয়াৰ প্ৰলোভনেৰে জোৰ জবৰদস্তি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পলাতক বিজেপি নেতা প্ৰদীপ দেৱনাথ (BJP leader allegedly raped his girlfriend) ৷

BJP leader allegedly raped his girlfriend in Chirang
প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা
প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা

চিৰাং, 1 মাৰ্চ : প্ৰেমৰ নামত যুৱতীক ধৰ্ষণৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে (BJP leader allegedly raped his girlfriend) ৷ মাজনিশা মদ্যপান কৰি প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰি জোৰ জবৰদস্তি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পলাতক হৈ আছে বিজেপি নেতা ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনীত (BJP leader raped Girlfriend) ৷

ঘটনাৰ বিৱৰণী অনুসৰি আজিৰ পৰা প্ৰায় ডেৰ বছৰৰ পূৰ্বে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল অঞ্চলৰ এগৰাকী যুৱতীক দেখি প্ৰথম চাৱনিতে প্ৰেমত পৰিছিল বিজেপি নেতা প্ৰদীপ দেৱনাথ ৷ প্ৰথমে প্ৰদীপে যুৱতীগৰাকীৰ সৈতে ভাতৃ-ভগ্নীৰ সম্বন্ধৰে কথা পাতিছিল ৷

কিন্তু দিন বাগৰি যোৱাৰ লগে লগে প্ৰদীপে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে ৷ যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ নস্যাৎ কৰি প্ৰদীপক ভাতৃৰ সম্বন্ধৰেই থাকিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু প্ৰদীপে যুৱতীগৰাকীক বাৰে বাৰে তেওঁ যুৱতীগৰাকীৰ লগত প্ৰেমত পৰাৰ কথা কৈ বিয়া পতাৰ আশ্বাস দিয়ে ৷

প্ৰদীপৰ এই কথা শুনি যুৱতীগৰাকীয়েও প্ৰদীপৰ প্ৰস্তাৱত সমৰ্থন জনাই প্ৰেমৰ সম্পৰ্কত অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ সেইমতে দুয়োয়ে যোৱা ডেৰবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ৷ ইয়ালৈকে সকলোবোৰ ঠিকেই আছিল ৷ কিন্তু মঙলবাৰে বিয়লি আনুমানিক ৫:৩০ বজাতেই সুৰাপান কৰি প্ৰদীপে প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰে ৷ তাৰ পিচত জোৰ জবৰদস্তি কৰি শুই থকা প্ৰেমিকাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে প্ৰদীপে ৷ যুৱতীগৰাকীয়ে বাৰে বাৰে বাধা দিয়াৰ পিচতো প্ৰদীপে নিজৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰিহে এৰে ৷

তাৰ পিচতেই প্ৰায় মাজনিশা প্ৰদীপৰ উপস্থিতিৰ কথা যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীয়ে জানিব পাৰে ৷ প্ৰদীপক হাতে লোটে ধৰাৰ উদ্দেশ্যে ঘৰৰ দুৱাৰমুখত যুৱতীগৰাকীৰ মাতৃয়ে ঠিয় হৈ থাকে যদিও তেওঁক ঠেলি প্ৰদীপে যুৱতীগৰাকীৰ ঘৰৰ পৰা পলায়ন কৰে ৷ এই ঘটনাৰ পাচতে যুৱতীগৰাকীয়ে প্ৰদীপক ফোন কৰি পুৱা ঘৰলৈ আহিবলৈ কয় ৷ কিন্তু এইবাৰ প্ৰদীপে যুৱতীগৰাকীৰ ফোন কলটো ৰেকৰ্ড কৰি নিজৰ ঘৰৰ মানুহক শুনাই কয় যে যুৱতীগৰাকীয়েহে প্ৰদীপক ঘৰলৈ মাতিছে ৷

এই ঘটনাৰ বাবে হুৱাদুৱা লগাৰ পিচতে প্ৰদীপ দেৱনাথে নিজ গৃহ এৰি পলায়ন কৰে ৷ ইপিনে বলপূৰ্বকভাৱে ছোৱালীজনীক ধৰ্ষণ কৰে বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে পানবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে (Case registered against BJP leader)।‌ ইয়াৰ পাচতেই যুৱতীগৰাকীৰ বাসগৃহত চিৰাং জিলা হাজং ছাত্ৰ সন্থাৰ সভাপতি গুলছান হাজঙে উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷

সভাপতিগৰাকীয়ে বিজেপি কৰ্মী প্ৰদীপ দেৱনাথৰ এনে কাণ্ডক গৰিহণা জনায় কয় যে, এই ঘটনা অতি লজ্জাজনক ৷ প্ৰদীপে এনে ঘটনা পূৰ্বতেও সংঘটিত কৰাৰ বহুতো ৰেকৰ্ড আছে ৷ ভুক্তভোগী ছোৱালীজনীয়ে যেন অচিৰেই ন্যায় পাব বুলি সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰে সভাপতি হাজঙে ৷

লগতে পঢ়ক:Kalindi Kunj rape case: দিল্লীৰ কালিন্দী কুঞ্জত ধৰ্ষিতা হ’ল ম্যানমাৰৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.