ETV Bharat / state

সুধাকণ্ঠৰ ওপজা দিন;ঝংকাৰ নাৰ্জাৰীলৈ সমন্বয় বঁটা

author img

By

Published : Sep 7, 2019, 11:40 PM IST

Updated : Sep 8, 2019, 8:30 AM IST

ভূপেনদা বিহীন 8টাকৈ বছৰ অতিক্ৰম কৰা অসমবাসীয়ে তেওঁক স্মৰণ কৰিবলৈ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। এই অনুযায়ী ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও হাতত লোৱা হৈছে ব্যাপক কাৰ্যসূচী।

বিজনীত উদযাপন সুধাকন্ঠৰ ৯৩ সংখ্যক জন্ম জয়ন্তী

চিৰাং,8চেপ্তেম্বৰঃসুধাকণ্ঠৰ ৯3 সংখ্যক ওপজা দিন উপলক্ষে আজি সজাই-পৰাই তোলা হৈছে জালুকবাৰীৰ সমাধিক্ষেত্ৰ। ভূপেনদা বিহীন 8টাকৈ বছৰ অতিক্ৰম কৰা অসমবাসীয়ে তেওঁক স্মৰণ কৰিবলৈ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। এই অনুযায়ী ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও হাতত লোৱা হৈছে ব্যাপক কাৰ্যসূচী। বিশ্ব বন্দিত শিল্পীগৰাকীৰ গীত গাই যুগজয়ী শিল্পীগৰাকীক সুঁৱৰিব।

বিজনীত উদযাপন সুধাকন্ঠৰ ৯৩ সংখ্যক জন্ম জয়ন্তী

"বুঢ়া লুইতৰ পাৰত ৰাইজক জগাবলৈ ক্ষোভ উজাৰি মানুহক নৈতিকতা আৰু মূল্যবোধৰ ভূপেন হাজৰিকাই শিক্ষা দিছিল ৷ সুধাকন্ঠই উঠি অহা প্ৰজন্ম যাতে নৈতিকতাৰ শিক্ষাৰে আগুৱাই আহি বিশ্বৰ আগত কুমলীয়া ল'ৰা-ছোৱালী বোৰক জাগ্ৰত কৰিবলৈ ভূপেন হাজৰিকাই যত্ন কৰিছিল ৷" এই মন্তব্য মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ ৷ চিৰাঙৰ বিজনী মহাবিদ্যালয়ত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত সুধাকন্ঠ ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্ম জয়ন্তী অৰ্থাৎ "সমন্বয় দিৱস"ৰ মুকলি সভাত অংশ লৈ এনেদৰে মন্তব্য কৰে গোস্বামীয়ে ৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বিজনী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত সমন্বয় দিৱসৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে হৃষীকেশ গোস্বামী ৷

৷ আনহাতে, অনুষ্ঠানত প্ৰখ্যাত ভাস্কৰ্য শিল্পী ড0 জনক ঝংকাৰ নাৰ্জাৰীক 'গৌৰাং ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সমন্বয় বঁটা' প্ৰদান কৰা হয় ৷ সভাত ন্যাসৰ সভাপতি ড0 মংগল সিং হাজোৱাৰী, মনীষা হাজৰিকা, মঞ্জলা হাজৰিকা, বিধায়ক কমলসিং নাৰ্জাৰী, ড0 বীৰহাসগিৰি বসুমতাৰী সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে, অনুষ্ঠানত বিশিষ্টি ব্যক্তিৰ দ্বাৰা 93 খন পতাকা উত্তোলন কৰাৰ উপৰিও বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ক বিষ্ণু কমল বৰুৱাই ৷

সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড° হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় ‘সংগীত নাটক একাডেমী বঁটা’ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।

২০১৯ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।

Intro:চিৰাঙৰ বিজনীত সুধাকন্ঠৰ ৯৩ সংখ্যক জন্ম জয়ন্তী দুদিনীয়াকৈ সমন্বয় দিৱস উদযাপন ।
তিনিখন গ্ৰন্থ উন্মোচন ।

Body:বুঢ়া লুইতৰ পাৰত ৰাইজক জগাবলৈ ক্ষোভ উজাৰি মানুহক নৈতিকতা আৰু মূল্যবোধৰ ভূপেন হাজৰিকাই শিক্ষা দিছিল ৷ সুধাকন্ঠই উঠি অহা প্ৰজন্ম যাতে নৈতিকতাৰ শিক্ষাৰে আগুৱাই আহি বিশ্বৰ আগত কুমলীয়া ল'ৰা-ছোৱালী বোৰক জাগ্ৰত কৰিবলৈ ভূপেন হাজৰিকাই যত্ন কৰিছিল ৷ এই মন্তব্য মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ ৷ চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীযাকৈ অনুষ্ঠিত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী অৰ্থাৎ সমন্বয় দিৱসৰ মুকলি সভাত অংশ লৈ গোস্বামীয়ে এনেদৰে কয় ৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বিজনী মহাবিদ্যালয়ৰ যৌত উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত সমন্বয় দিৱসৰ মুকলি সভাৰ মুখ্য অতিথি গোস্বামীয়ে যোৱা ৮ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা ভাৰত ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত বাজি উঠাত এজন অসমীয়াৰ গীত ৰাষ্ট্ৰপতি ভৱনত বাজি উঠাত তেওঁ গৌৰৱ অনুভৱ কৰা বুলি ভাষণত উল্লেখ কৰে ৷ মানুহৰ হৃদয়ত স্থান পোৱা আৰু বুৰঞ্জীত স্থান পোৱা একে কথা নহয় ৷ ভূপেন হাজৰিকাই মানুহৰ হৃদয়ত স্থান পাইছিল ৷ ভূপেন হাজৰিকা অকল
প্ৰতিভাৰ বলত পৃথিৱী বিখ্যাত হোৱানাই ৷ প্ৰতিভাৰ লগত ভূপেন হাজৰিকাৰ আছিল সেইটো হৈছে উদাৰতা ৷ উদাৰতা থকাৰ বাবে হাজৰিকাই সকলো জাতি- জনগোষ্ঠীৰ লোকে আকোঁৱালি লয় ৷ সকলো জাতি জনগোষ্ঠীৰ লোক সকলে একেলগে আগুৱাই গ'লেহে অসম আগুৱাই যাব বুলিও তেওঁ মন্তব্য কৰে ৷ অনুষ্ঠানত সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে স্মৃতিগ্ৰন্থ 'ভূপেন্দ্ৰ জ্যোতি' উন্মোচন কৰি ভূপেন হাজৰিকাৰ জন্ম দিৱস মুম্বাই, বাংলাদেশ, কলকাতাত উদযাপন কৰাৰ কথা সুঁৱৰি সকলোতে ৰাইজে আঁকোৱালি লোৱাৰ কথা উল্লেখ কৰে ৷ অনুষ্ঠানত 'আমাৰ অসম' কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে 'অমিয় পুৰুষ' আৰু 'কবিতা মালিকা' নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে ৷ ৰাজগুৰুৱে কয়, ভিন্ন জনগোষ্ঠীৰ বাসস্থান বিজনীত এইবাৰ সমন্বয় দিৱস উদযাপনে সকলো জাতি গোষ্ঠীৰ মাজত একতা অনাৰ উদ্দেশ্যে ভূপেন হাজৰিকাই বিচৰা ধৰণে প্ৰতিফলিত হোৱাৰ আশা ব্যক্ত কৰে ৷ এই অনুষ্ঠানত প্ৰখ্যাত ভাস্কৰ্য শিল্পী ড° জনক ঝংকাৰ নাৰ্জাৰীক 'গৌৰাং ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সমন্বয বঁটা' প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ৷ সভাত জনৰ ঝংকাৰ নাৰ্জাৰীয়ে ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰাৰ কথা ব্যক্ত কৰাৰ লগতে বহুতো বঁটা লাভ কৰিলেও ভূপেন হাজৰিকা সমন্বয় বঁটা তেওঁৰ বাবে সবাতোকৈ আপোন বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ভূপেন হাজৰিকাৰ জীৱন- কীৰ্তিৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ সভাত ন্যাসৰ সভাপতি ড° মংগল সিং হাজোৱাৰী, যুটীয়া সম্পাদক মনীষা হাজৰিকা, মঞ্জলা হাজৰিকা আদৰণি সমিতিৰ সভাপতি, বিধায়ক কমলসিং নাৰ্জাৰী, সম্পাদক ড° বীৰহাসগিৰি বসুমতাৰী সহ ন্যাসৰ সদস্য সকল কে'বাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে পুৱা ন্যাসৰ সভাপতি ড° মংগলসিং হাজোৱাৰীয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বিশিষ্টি ব্যক্তিৰ দ্বাৰা ৯৩ খন পতাকা উত্তোলন কৰা হয় ৷

বাইট : ঋশিকেশ গোসামী,অনুৰাধা শৰ্মা পুজাৰী,মনিশা হাজৰিকা ।

Conclusion:ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ আলোকচিত্ৰ প্ৰদৰ্শনী, গ্ৰন্থ বিপণীৰ উন্মোচন কৰে বিজনী মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ৷ দিৱসৰ কাৰ্যসূচী অনুসৰি বিজনী চহৰত উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ক সঞ্চালক বিষ্ণু কমল বৰুৱাই ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
Last Updated : Sep 8, 2019, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.