চিৰাং,12আগষ্ট : ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ ইয়াৰ অংশৰূপে বৃহস্পতিবাৰে চিৰাং জিলাতো লোক নিৰ্মাণ বিভাগৰ উদ্যোগত এই কাৰ্যসূচী পালন কৰা হয় ৷ এই উপলক্ষে কাজল গাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত 'গ্ৰামীণ যোগাযোগ ব্যৱস্থাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা' শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷ অনুষ্ঠানত চিৰাঙৰ লোক নিৰ্মাণবিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মাই জিলাখনত ৰূপায়ণ হৈ থকা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কাম কাজৰ অগ্ৰগতি সৰ্ম্পকে অৱলোকন কৰে ৷ বিষয়া গৰাকীয়ে চিৰাঙত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ জৰিয়তে ২৩০ খন গাঁও সংযোগ হৈছে আৰু ৩৮ খন গাঁও উপকৃত হৈছে বুলি সদৰি কৰে ৷
![Azadi ka amrit mahutsav](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangazadikaamrit-vis-10012_11082021201503_1108f_1628693103_404.jpg)
জিলাখনত ৭৯ খন গাঁৱে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক আঁচনিৰ জৰিয়তে সংযোগ পাবলৈ বাকী আছে ৷ আঁচনিখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৫৩১ কিলোমিটাৰ পথ, ৪৫ খন দলং, দ্বিতীয় পৰ্যায়ত ৪২ কিলোমিটাৰ আৰু পৰ্যায়ত ৩৩ কিলোমিটাৰ গ্ৰাম্য পথৰ কাম চলি আছে ৷
লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা (পিএমজিএছৱাই) চন্দন শৰ্মাই গ্ৰাম্য এলেকাৰ উন্নীতকৰণত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা, এই যোজনাৰ সফলতা, জিলাখনৰ গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পিএমজিএছৱাই-৩ ৰূপায়ন সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷
![Azadi ka amrit mahutsav](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangazadikaamrit-vis-10012_11082021201503_1108f_1628693103_166.jpg)
লগতে পঢ়কঃ ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
কাজলগাঁও পৌৰসভাৰ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে অনুষ্ঠানত অংশ লৈ গ্ৰাম্য পথ সমূহৰ নিৰ্মাণত নিয়ম অনুসৰি কৰিবলৈ আহ্বান জনোৱাৰ লগতে পাঁচ বছৰৰ পাছত মেৰামতি কৰিবলৈ ঠিকাদাৰ আৰু সংশ্লিষ্টবিভাগৰ বিষয়াক আহ্বান জনায় ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কয়, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই জিলাখনৰ গ্ৰাম্য পথ যোগাযোগ ব্যৱস্থালৈ আমূল পৰিবৰ্তন আনিছে । তেওঁ পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে ৷ একেদৰে ঠিকাদাৰসকলৰ মাজৰ পৰাই ন ন উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি নতুন নতুন প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগিব বুলি কয় উপায়ুক্তগৰাকীয়ে ।
অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী, কেইবাগৰাকীও অভিযন্তা, ঠিকাদাৰ, বিষয়া-কৰ্মচাৰী তথা সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত আছিল ।
লগতে পঢ়ক : উপ নিৰ্বাচনত মাজুলীত ভাল ফল দেখুৱাব কংগ্ৰেছে : NSUI