চিৰাং, 21মাৰ্চ: শনিবাৰে চিৰাঙৰ সকলো ছাত্ৰ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । জিলাখনৰ আছা, এছু, আমছু, এবিএমছু, আক্ৰাছু, ডিএমডিজেপিৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এই অনুষ্ঠান ছাপাগুৰীস্থিত হোটেল হিমালয়াৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷
![চিৰাঙত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কত এক সজাগতা অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangallorganisationcoordination-vis-10012_20032021191441_2003f_1616247881_859.jpg)
বেচৰকাৰী সংস্থা আই জি এচ এচ এচৰ সহযোগত "সমাজ গঢ়াত শিক্ষাৰ গুৰুত্ব আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত যুৱক সকলৰ ভূমিকা" শীৰ্ষক সজাগতামুলক আলোচনা চক্ৰৰ আয়োজন কৰা হয় । অনুষ্ঠানত আই জি এচ এচ এচৰ সমন্বয়ক মনিশা সিহ্না, যুৱ প্ৰজন্মৰ সাহিত্যিক লিখক আছমা বেগম, ড৹ ৰাজু চুব্বাকে আদি কৰি কেবা গৰাকীয়ো বিশিষ্ট উপস্থিত থাকে ৷