চিৰাং, ২৮ জুনঃ চিৰাং জিলাৰ ৰুনিখাতাত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ । ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ দুই ঘন্টাহে বিদ্যুৎ যোগান ধৰা অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ।
ভাৰত- ভূটান সীমান্তৰ বৃহত্তৰ ৰুণীখাতা অঞ্চলত বিদ্যুৎ বিভাগে বিগত এবছৰ ধৰি বিদ্যুৎ সেৱাৰ নামত ৰাইজক জ্বলাকলা খুৱাই আছে । বহু দিনৰে পৰা বিভাগীয় কতৃপক্ষক অভিযোগ কৰিও কোনো ফল লাভ কৰা নাই গ্ৰাহক সকলে । উৎকট গৰমৰ মাজত ছাত্ৰ ছাত্ৰী সকলে পঢ়া-শুনাত যতেষ্ঠ কষ্ট কৰিব লগা হৈছে । ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ দুই ঘন্টা বিদ্যুৎ যোগান ধৰাত অতিষ্ট হৈ প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎ বিভাগৰ মন্ত্ৰী মুৰ্দাবাদ, আমাক ২৪ ঘন্টাই বিদ্যুৎ লাগিবই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
অতি কম দিনৰ ভিতৰতে যদিহে বিদ্যুৎ বিভাগটোৱে এই ক্ষেত্ৰত কোনো বিশেষ ভূমিকা নলয় তেন্তে ৰুণীখাতা অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে গণতান্ত্ৰিক আন্দোলনৰ হুংকা দিয়ে ।
লগতে আন এটা বাতৰি - কাৰ্বি আংলং সীমান্তত BOP স্থাপনক লৈ প্ৰতিবাদ