চিৰাং, ১২ নৱেম্বৰ: চিৰাঙৰ বিলাসপুৰত এটা চোৰাং তেলৰ ঘাটি উৎখাত কৰে চিৰাং জিলা আৰক্ষীয়ে। জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত তেলৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা অভিযান চলায় আৰক্ষীৰ এটা দলে ।

ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰ গাঁৱত চলোৱা অভিযানত আৰক্ষীয়ে পশ্চিম বিলাসপুৰৰ মতলেব আলীৰ ঘৰৰ পৰা এএচ ২৬ চি ৭১৭৬ নম্বৰৰ টাটা ডি আই বাহন এখন জব্দ কৰে । বাহনখনত ৰখা হৈছিল বহু পৰিমানৰ তেল ভৰ্তি প্লাষ্টিকৰ ড্ৰাম । ইয়াৰ ভিতৰত ইন্ধনজাত তেল ভৰ্তি ১৩ টা প্লাষ্টিকৰ ড্ৰাম, ২ টা টিনৰ ড্ৰাম আৰু প্ৰায় ৩ হাজাৰ লিটাৰ তেল জব্দ কৰা হয়।

তাৰোপৰি ৫ টা ইন্ধনজাত সামগ্ৰী ভৰ্তি প্লাষ্টিকৰ ড্ৰাম জব্দ কৰাৰ লগতে ১২ টা টিনৰ খালি ড্ৰাম আৰু ১৫ টা প্লাষ্টিকৰ খালি ড্ৰাম, ৫৬টা প্লাষ্টিকৰ সৰু ড্ৰাম, পেট্ৰ'লজাত সামগ্ৰীত মিহলোৱা পাউডাৰ, এ এচ ১৯ বি ৪৫৫৮ নম্বৰৰ এখন মাৰুতি অল্ট' বাহন আৰু এ এ চ ১৯ এইচ ২৭১৬ নম্বৰৰ এখন বাজাজ পালছাৰ বাইক জব্দ কৰে।

চোৰাং তেলৰ ঘাটিটোৰ পৰা তেলৰ স্থানান্তৰৰ কামত ব্যৱহৃত বহু পৰিমানৰ প্লাষ্টিকৰ পাইপো জব্দ কৰে আৰক্ষীয়ে। অবৈধ তেলৰ ঘাটি উৎখাত কৰি আৰক্ষীয়ে তেল ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । লগতে পৰৱৰ্তী সময়তো চোৰাং তেলৰ বেহা বন্ধ কৰিবলৈ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য কৰে । উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে পশ্চিম বিলাসপুৰ গাঁৱত এটা চোৰাং তেলৰ ঘাটিত অগ্নিকাণ্ড সংঘটিত হৈছিল ।

বৰষুণ দি থকা বাবে অগ্নিকাণ্ডত তেলৰ ড্ৰাম ফাটি সেই তেল ওচৰৰ নিজৰালৈ বৈ যোৱাত নিজৰাৰ পানীৰ ওপৰতো জুই জ্বলি উঠিছিল। তেলৰ এই অবৈধ বেহাৰ বিৰুদ্ধে স্থানীয় একাংশ লোকে আৰক্ষীক বহুবাৰ অভিযোগ দি আহিছিল।
