চিৰাং, ৩ নৱেম্বৰ: অসমৰ বঙালী সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থত যৌথ সংগ্ৰাম চলোৱাৰ উদ্দেশ্য়ে সদৌ অসম বঙালী সুৰক্ষা মঞ্চ আৰু সদৌ অসম বঙালী সুৰক্ষা সমিতিয়ে একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে। মঙলবাৰে চিৰাং জিলাৰ বিজনীৰ নেতাজি ক্লাৱত সংবাদমমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে বঙালী সুৰক্ষা মঞ্চৰ সভাপতি উৎপল দেয়ে। জাতীয় অভিৱৰ্তনৰ দ্বাৰা সংগঠন দুটা শীঘ্ৰে একত্ৰিত হ'ব।
অসমত বঙালী সম্প্ৰদায়ৰ লোকসকলে 'ডি' ভোটাৰ, ডিটেনচন কেম্পৰ সমস্যা, বিদেশী ন্যায়াধিকৰণ সমস্যাৰ সৈতে যুঁজি আছে বুলি মন্তব্য কৰে বঙালী সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে। কোকৰাঝাৰৰ গোসাইগাঁৱৰ তুলসিবিলৰ একেটা পৰিয়ালৰ পাঁচজন লোকে আত্মহত্যা কৰা ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি চি বি আই তদন্তৰ দাবী জনায়। ইয়াৰ পূৰ্বে জনৈক শীল নামৰ এজন লোকক অপহৰণ কৰি হত্যা কৰা ঘটনাৰো তদন্ত নহ'ল বুলি অভিযোগ উত্থাপন কৰে।
ডিফু মেডিকেল কলেজত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী, চুতীয়া আদি জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰা বিষয়ত কয় যে 'মেডিকেল কলেজ হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয় যে যাকে ইচ্ছা তাৰ নামত সংৰক্ষণ কৰিব। মন্ত্ৰীগৰাকীয়ে বঙালী সম্প্ৰদায়ৰ লৰা-ছোৱালিয়ে ঠেলা-ৰিক্সা চলোৱাটো বিচাৰে।' বঙালী মিউজিয়াম প্ৰসংগত তেওঁ কয় যে, বিধায়ক কমলাক্ষ দে পুৰকায়স্থই বঙালী মিউজিয়ামৰ বিতৰ্কৰ অৱতাৰণা কৰিছে। ১২ লাখ হিন্দু বঙালীৰ নাম NRCৰ পৰা কৰ্তন হোৱাৰ সময়ত বিধায়কগৰাকীয়ে কিয় আগবাঢ়ি নাহিল বুলিও প্ৰশ্ন কৰে উৎপল দেয়ে। প্ৰতিদিনে বিদেশী জাননী পোৱা বঙালী লোকৰ হৈ মাত নমতা বিধায়কজনে ভোটৰ স্বাৰ্থত বঙালী মিউজিয়ামৰ দাবী কৰিছে বুলি তীব্ৰ সমালোচনা কৰে।
বি জে পি চৰকাৰক সমালোচনা কৰি কয় যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত লাখে লাখে হিন্দু বঙালীলৈ বিদেশী ন্যায়াধিশীকৰণৰ জাননী দি আছে । গতিকে ২০২১ৰ বিধানসভা নিৰ্বাচনত বঙালী সম্প্ৰদায়ৰ লোকে ভাৰতীয় গণ পৰিষদ দলৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিব বুলিও গৰ্জন কৰে। গোৱালপাৰাত ডিটেনচন কেম্প নিৰ্মাণ কৰাৰ বাবে ৬৫ কোটি টকা আবণ্টনত কেন্দ্ৰই অনুমোদন জনোৱাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিয়ে।
অসমত বাস কৰা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ সহায়ৰ বাবে সদৌ অসম বঙালী সুৰক্ষা মঞ্চ আৰু সদৌ অসম বঙালী সুৰক্ষা সমিতি সদায় সষ্টম থাকিব বুলি মন্তব্য কৰে। মঙলবাৰে সম্বোধন কৰা সংবাদমেলত সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ চিৰাং জিলা সাধাৰণ সম্পাদক বিশ্বজিত ৰজকসহ মঞ্চj আন সদস্যসকলো উপস্থিত থাকে।
লগতে পঢ়ক:ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা