ETV Bharat / state

চিৰাঙত শক্তি বিভাগৰ দায়িত্বহীন কাণ্ড - বিসংগতিপূৰ্ণ

বিদ্য়ুতৰ মাচুল সংগ্ৰহৰ নামত চিৰাঙত সাধাৰণ ৰাইজক হাৰাশাস্তি ভোগাইছে শক্তি বিভাগে । বিদ্যুতৰ বিল প্ৰস্তুতৰ ক্ষেত্ৰত ব্যাপক বিসংগতি। ১৪০০ টকাৰ মাচুল দিবলগীয়া ব্যক্তিৰ নামত আহিল ৩০,০০০টকাৰ বিল।

চিৰাঙত শক্তি বিভাগৰ দায়িত্বহীন কাণ্ড
চিৰাঙত শক্তি বিভাগৰ দায়িত্বহীন কাণ্ড
author img

By

Published : Nov 7, 2020, 7:53 PM IST

চিৰাং, ৯ নৱেম্বৰ: বিসংগতিপূৰ্ণ বিদ্যুতৰ বিলে চকু কপালত তুলিলে চিৰাঙৰ বৰতালোৱা গাঁৱৰ ইব্ৰাহীম আলী নামৰ লোকজনৰ। পেচাত ৰাজমিস্ত্ৰী ইব্ৰাহীম আলীয়ে অভিযোগ উত্থাপন কৰিছে যে, প্ৰতি মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰাৰ পিছতো হঠাতে তেওঁলৈ বিদ‍্যুতৰ বিল অহা বন্ধ হোৱাত তেওঁ নিজে গৈ যোগাযোগ কৰাত বঙাইগাঁও বিদ‍্যুত সংমণ্ডল বিষয়াৰ ছাপাগুৰিস্থিত কাৰ্যালয়ৰ পৰা ৩০,০০০ টকাৰ বিদ্যুতৰ বিল দিয়ে। পিছত ঘৰত থকাৰ মিটাৰটোৰ নম্বৰৰ সৈতে বিদ্যুতৰ বিলত সন্নিৱিষ্ট কৰা নম্বৰ নিমিলাত তেওঁ পুনৰ এগৰাকী বিভাগীয় অভিযন্তাৰে এই বিষয়ে অৱগত কৰে।

চিৰাঙত শক্তি বিভাগৰ দায়িত্বহীন কাণ্ড

অভিযন্তাজনে তেওঁৰ বিল পৰীক্ষা কৰি ১৪০০ টকা মাচুল পৰিশোধ কৰিবলগীয়া আছে বুলি কথা জনোৱাত এক প্ৰকাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছতে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই তেওঁক বিলৰ ৰচিদ উভতাই দিবলৈ কয় যদিও তেওঁ অমান্তি হয়। পিছত পুনৰ বিভাগীয় কৰ্তৃপক্ষই ইব্ৰাহীমৰ ঘৰৰ মিটাৰ পৰীক্ষা কৰি ১০ হাজাৰ টকাৰ মাচুল পৰিশোধ কৰিবলৈ কয়। কিস্তি হিচাপে ৪ হাজাৰ টকা পৰিশোধ কৰাৰ পিছত মিটাৰ ৰিডিং নকৰাকৈয়ে পুনৰ বিভাগীয় কৰ্তৃপক্ষই ১৮ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰে। ইয়াৰ পিছতে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে ইব্ৰাহীমৰ।

বিভাগীয় অভিযন্তাজনে বিল পৰীক্ষা কৰি ১৪০০ টকা হৈছে বুলি জনাইছিল। কিন্ত বিভাগীয়ভাৱে দিলে ৩০ হাজাৰ, ১০ হাজাৰ আৰু ১৮ হাজাৰৰ তিনিখন বিল। ইয়াকে লৈ বিপাঙত পৰিছে ইব্ৰাহীম আলী। আনহাতে এই বিল পৰিশোধ নকৰাৰ বাবে ইব্ৰাহীমৰ ঘৰত বিদ্য়ুত কৰ্তন কৰা হৈছে। উল্লেখ‍্য যে, ঢালিগাঁও বৰতালোৱা অঞ্চলৰ বিদ‍্যুৎ বিভাগৰ কামৰ দায়িত্ব এটা সংস্থাৰ হাতত অৰ্পণ কৰাৰ পিছৰে পৰা বিদ‍্যুতৰ বিলক লৈ ব‍্যাপক খেলিমেলিৰ সৃষ্টি হৈছে। ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে স্থানীয় লোক।

লগতে পঢ়ক:মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.