ETV Bharat / state

২ ডিচেম্বৰত বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফৰ বিশাল গণসভা

বিটিচিত তুংগত উঠিছে বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিটিচিত এইবাৰ চৰকাৰ গঠন কৰাত কংগ্ৰেছ দলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ।

APCC President Ripun Bora participates in a party workers' meet in Chirang
২ ডিচেম্বৰত বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফৰ বিশাল গণসভা
author img

By

Published : Nov 29, 2020, 12:02 PM IST

মৰিগাঁও, 29 নৱেম্বৰ : বিটিচিৰ গাদী দখলৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ ২ ডিচেম্বৰত বিটিচিত এখন বিশাল গণসভাৰ আয়োজন কৰিছে কংগ্ৰেছ আৰু এআইইউডিএফ দলে ৷ নিৰ্বাচনী সভাখনৰ ৰিপুন বৰা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ লগত দল দুটাৰ বহু শীৰ্ষ নেতা উপস্থিত থাকিব ৷ এই গণসভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ শনিবাৰে চিৰাঙৰ কলাইগাঁৱত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিটিচি নিৰ্বাচনৰ কামত নিয়োজিত দলীয় নেতা কৰ্মীসকলৰ লগত মত বিনিময় কৰে ৷ তেওঁ কৰ্মীসকলৰ লগত মুদৈবুড়ি সমষ্টিৰ কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থিত প্ৰাৰ্থী ৱাছিম আক্ৰাম ছিদ্দিকিৰ নিৰ্বাচনী সমীক্ষাতো মিলিত হয় ।

২ ডিচেম্বৰত বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফৰ বিশাল গণসভা

কলাইগাঁৱত সাংবাদিকৰ আগত সভাপতিগৰাকীয়ে বিটিচিত চৰকাৰ গঠন কৰাত কংগ্ৰেছৰ মুখ্য ভূমিকা থাকিব বুলি মন্তব্য কৰে । তেওঁ বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফে যুটীয়াভাবে 20 খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথা জানিবলৈ দিয়ে ৷ লগতে এইবাৰ নিৰ্বাচনত বিজেপি, বিপিএফ আৰু ইউপিপিএল দলতকৈ কংগ্ৰেছ দলে অধিক আসন লাভ কৰিব বুলি উল্লেখ কৰে ৷ বিটিচিত বিৰোধী দলসমূহে ধনবল বাহুবলেৰে বিশাল জনসভা পাতিছে বুলিও কটাক্ষ কৰে বৰাই । তেওঁ লগতে 2021 ৰ বিধানসভা নিৰ্বাচনত কলাইগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বিটিচিৰ উন্নয়নৰ ধন লুটি-পুটি খালে বিপিএফ : পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.