চিৰাং , ১১ জুলাই : চিৰাঙৰ ভূটীয়াপাৰা, জাউলীয়াবাৰি আৰু বিৰপাৰা সংযোগী পথছোৱা নিৰ্মাণৰ বাবে বিগত ২০১৭-১৮ বৰ্ষত অসম চৰকাৰৰ ৫ম বিত্তীয় আঁচনিৰ অধীনত ১ কোটি টকাৰ আৱণ্টন দিয়া হৈছিল । কিন্তু অভিযোগ অনুসৰি যোৱা মে’ মাহত ঠিকাদাৰ সুৰেছ হাছদাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও মাত্ৰ কেইদিন মান কাম কৰিয়ে স্তব্ধ কৰে পথ নিৰ্মাণৰ কাম ।
পথছোৱাৰ নিৰ্মাণৰ কাম আধাতে এৰি দিয়াৰ বাবে পথটো বৰ্তমান পূৰ্বতকৈও অধিক শোচনীয় হৈ পৰিছে । বৃহত্তৰ অঞ্চলটোৰ এই পথছোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি বহু লোকে যাতায়ত কৰে । ঠিকাদাৰ সুৰেছ হাছদাই চৰকাৰী মঞ্জুৰিকৃত কামৰ দ্বায়িত্ব গ্ৰহণ কৰি কিয় কাম বন্ধ কৰি ৰাখিছে সেয়া ৰহস্যজনক বুলি সন্দেহ কৰিছে গাঁওবাসীয়ে । ইপিনে ঠিকাদাৰ জন বিটিচি উপমুখ্য কাৰ্য্যবাহী খাম্পা বৰগয়াৰীৰ অতিকে ঘনিষ্ঠ বুলিও অভিযোগ কৰে একাংশ লোকে । গাঁওবাসীৰ অভিযোগ অনুসৰি তেওঁলোকে ঠিকাদাৰক বহুবাৰ কোৱাৰ পিচতো ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত বুধবাৰে জাউলিয়াবাৰী, বীৰপাৰা, ভূটীয়াপাৰা গাঁৱৰ লোক সকলে ঠিকাদাৰৰ বিৰুদ্ধে জিলাখনৰ ৰুনিখাতা থানাত গোচৰ দিয়ে । আনহাতে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি লক্ষ্য ৰাখি পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনৰ হস্তক্ষেপৰো দাবী জনাইছে গাঁওবাসীয়ে ।