চিৰাং,6জানুৱাৰী : অৱশেষত 21 ঘণ্টাৰ অন্তত সন্ধান ওলাল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ ৷ কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলৰ পৰা নিখোজ হোৱা অমিতৰাজক চিৰাঙৰ চাপাগুৰিস্থিত ডনবস্ক' স্কুলৰ সমীপৰ বাছ ষ্টেণ্ডত বহি থকা অৱস্থাৰ পৰা পৰিয়ালৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, বুধবাৰে পুৱাই বাছেৰে চিৰাঙৰ চাপাগুৰিত উপস্থিত হৈছিল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী ৷ ইয়াৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে অমিতৰাজক দেখা পাই পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ উল্লেখ্য যে,ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীয়ে মঙলবাৰে ৰিয়েলিটি পাব্লিক স্কুলৰ দেৱাল পাৰ হৈ সংগোপনে পলায়ন কৰিছিল ৷
লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী