ETV Bharat / state

বঙাইগাঁৱত কেইবাগৰাকীও অগপ নেতাৰ পদত্যাগ

৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত অগপ দলত ব্যাপক খহনীয়া ৷ শেহতীয়াকৈ অগপ দলৰ নেতৃত্বই বিজেপি দলৰ অনুগত হৈ কাম কৰা বাবে জিলা নেতৃত্বই সমূহীয়াকৈ পদত্যাগ কৰে বুলি জানিবলৈ দিয়ে ৷

author img

By

Published : Dec 28, 2020, 9:10 PM IST

অগপ নেতাৰ পদত্যাগ
অগপ নেতাৰ পদত্যাগ

চিৰাং, 28 ডিচেম্বৰ : মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত অগপ দলত ব্যাপক খহনীয়া ৷ পঞ্চায়তৰ সভানেত্ৰী, উপ-সভাপতিসহ ২২ গৰাকীকৈ অগপ নেতাই দলটোৰ পৰা পদত্যাগ কৰে ৷ বঙাইগাঁও অগপৰ জিলা সমিতিৰ কৰ্মকাণ্ড আৰু কেইগৰাকীমান নেতাৰ একছত্ৰী ৰাজত্বৰ বাবেই এনে অনীহা দৰ্শোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাবেও অসন্তুষ্ট হৈ পদত্যাগ কৰা বুলিও উত্থাপন হৈছে অভিযোগ ৷

বঙাইগাঁৱত কেইবাগৰাকীও অগপ নেতাৰ পদত্যাগ

প্ৰাক্তন বঙাইগাঁও অগপৰ সম্পাদক, জিলা যুৱ পৰিষদৰ সম্পাদক, সভাপতি, প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক, ডাংতল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিনয় চন্দ্ৰ ৰায়, ডাংতল পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহসহ 6 গৰাকী সদস্যৰ লগতে ডাংতল পঞ্চায়তৰ উপ-সভাপতি, কাউঞ্চিলাৰসহ সমূহীয়াভাৱে ২২ জনীয়া সক্ৰিয় নেতৃত্বই পদত্যাগ কৰি যোগদান কৰিলে অসম জাতীয় পৰিষদত ৷ শেহতীয়াকৈ অগপ দলৰ নেতৃত্বই বিজেপি দলৰ অনুগত হৈ কাম কৰা বাবে জিলা নেতৃত্বই সমূহীয়াকৈ পদত্যাগ কৰে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: উৎকন্ঠাৰ অৱসানঃ মঙলবাৰে গেৰুৱা মন্ত্ৰৰ দীক্ষা ল'ব অজন্তা-ৰাজদ্বীপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.