ETV Bharat / state

ডিটেনচন কেম্পত বন্দী মহিলাঃ আমছুৰ প্ৰতিক্ৰিয়া - etc bharat assam

আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সঁজাতি দলসহ শনিবাৰে উপস্থিত হ'ল বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডল নামৰ মহিলা গৰাকীৰ ঘৰত ।

চিৰাঙত আমছুৰ প্ৰতিক্ৰিয়াঃ
author img

By

Published : Jun 9, 2019, 10:47 PM IST

চিৰাং, 9 জুনঃ চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত আমছুৰ প্ৰতিক্ৰিয়া । আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সঁজাতি দল সহ শনিবাৰে উপস্থিত হ'ল বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডল নামৰ মহিলা গৰাকীৰ ঘৰত । নামৰ কিছু মিল থকাৰ বাবেই মধুবালা নম দাসৰ ঠাইত মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলা গৰাকীক ডিটেনচন কেম্পত বন্দী কৰি ৰক্ষাৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে । লগতে মধুবালা দাসৰ মূকবধিৰ জীয়ৰীৰ খবৰ লোৱাৰ লগতে অতিকে দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্য্যৰ কথা কয় ৷ পৰিয়ালটোৰ খবৰ লোৱাৰ পাচত আমছু সভাপতিজনে পৰিয়ালটিলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে এই ধৰণৰ ভাৰতীয় লোকক অবৈধভাৱে তথা ষড়যন্ত্ৰমূলকভাৱে ভাষিক আৰু ধৰ্মীয় লোক সকলক অসম চৰকাৰৰ সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণে কৰা হাৰাশাস্তিৰ অভিযোগ কৰে । তেওঁ কয় যে, চৰকাৰে এতিয়ালৈ বিদেশী সন্দেহত ডিটেনচন কেম্পত বন্দী কৰা সকলো ভাৰতীয় নাগৰিকৰ গোচৰ সমূহ পুনৰীক্ষণ কৰি মুক্তিৰ ব্যৱস্থা কৰিব লাগে অন্যথা এই সকল ভাৰতীয় লোকৰ মুক্তিৰ দাবীত অসম ব্যাপি আন্দোলন গঢ়ি উঠিব যাৰ বাবে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ'ব লাগিব বুলিও সকিয়াই দিয়ে ।

চিৰাঙত আমছুৰ প্ৰতিক্ৰিয়া

Slug : As_Chg_9th jun_805 & 806_Chirang AAMSU visit Madhubala mandal house & reacts_viz & byt_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত আমছুৰ প্ৰতিক্ৰীয়া । আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সজাতি দল সহ আজি উপস্থিত হল বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডলৰ ঘৰত । নামৰ কিছু মিল থকাৰ বাবে মধুবালা নম দাসৰ ঠাইত মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলা জনীক ডিটেনচন কেম্পত বন্ধি কৰি ৰক্ষাৰ বিৰোধিতা কৰি প্ৰতিক্ৰীয়া প্ৰকাশ কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে । মগুবালা দাসৰ মুকবধিৰ জীয়ৰীৰ খবৰ লোৱাৰ লগতে অতিকে দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্য্যৰ কথা কয় । 
পৰিয়ালটোৰ খবৰ লোৱাৰ পিচত আমছু সভাপতি জনে পৰিয়ালটিলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে এই ধৰনৰ ভাৰতীয় লোকক অবৈধ ভাৱে তথা ষৰযন্ত্ৰমুলক ভাৱে ভাষিক আৰু ধৰ্মীয় লোক সকলক অসম চৰকাৰৰ সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰনে কৰা হাৰাশাস্থিৰ অভিযোগ কৰে । তেওঁও কয় যে চৰকাৰে এতিয়ালৈ বিদেশী সন্দেহত ডিটেনচন কেম্পত বন্দি কৰা সকলো ভাৰতীয় নাগৰিকৰ গোচৰ সমুহ পুনৰিক্ষন কৰি মুক্তিৰ ব্যৱস্থা কৰিব লাগে অন্যথা এই সকল ভাৰতীয় লোকৰ মুক্তিৰ দাবীত অদম ব্যাপি আন্দোলন গঢ়ি উঠিব যাৰ বাবে উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হব লাগিব বুলিও সকিয়াই দিয়ে । 

বাইট : ৰেজাউল কৰিম সৰকাৰ, আমছু সভাপতি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.