বঙাইগাঁও, 27 ডিচেম্বৰ: সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা কৰ’ণা মহামাৰীৰ বাবে বহুতৰ জীৱনলৈ আহিল পৰিৱৰ্তন ৷ পেটৰ ভাত মুঠিৰ বাবে বহুতে হাতত তুলি ল'বলগীয়া হ'ল বিভিন্ন বৃত্তি ৷ কোনোবাই যদি দোকান দিছে আন কোনোবাই আকৌ কৃষিকাৰ্যতে মনোনিৱেশ কৰিছে ৷ কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ ফলত বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলতে বহু সাংস্কৃতিক কৰ্মীয়ে জীৱিকা পালনৰ বাবে ল’বলগা হৈছে বিভিন্ন পথ ৷ তাৰ মাজতে বঙাইগাঁৱৰ উৎপল দাস নামৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে তুলি লৈছে কেচি ৷ কাৰণ দীৰ্ঘদিন ধৰি ৰাজ্যত সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ থকাৰ বাবে উপাৰ্জনৰ পথো বন্ধ হৈ পৰিছে ৷ পূৰ্বতে সাংস্কৃতিক অনুষ্ঠান কৰি কোনোমতে পেটৰ ভাত মোকলাই আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে সকলো বন্ধ হৈ থাকিল ৷
উল্লেখ্য যে, কোকৰাঝাৰৰ যুৱক উৎপলে বাঁহীকলৈ দেখা দেখিছিল বহু সপোন ৷ বাঁহী পালেই আপোন পাহৰা হৈ পৰা উৎপলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাঁহী পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰংশসাও লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু এতিয়া বাঁহী এৰি হাতত ল’বলৈ বাধ্য হৈছে কেচি ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত Hairloon নামৰ এখন চেলুন খুলি এতিয়া জীৱন যুঁজত অৱতীৰ্ণ হৈছে এইগৰাকী উদীয়মান বাঁহীবাদকে ৷ গ্ৰাহকৰ ভিৰৰ মাজে মাজে সুযোগ বুজি হাতত বাঁহী তুলি লোৱা বাঁহীবাদজনে অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ কথা চিন্তা কৰি অনতিপলমে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷
লগতে পঢ়ক: ক'ভিড-19 ৰিলিফ বিলত স্বাক্ষৰ কৰাৰ বাবে ট্ৰাম্পক বাইডেনৰ হেঁচা