চিৰাং,24ছেপ্তেম্বৰঃচিৰাঙৰ ছাতিপুৰত উচ্চ ক্ষমতা সম্পন্ন তাঁৰত বিদ্যুতপৃষ্ট হৈ থিতাতে নিহত হ'ল 13বছৰীয়া এজন কিশোৰ ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি নৰতন কুমাৰ বাছফোৰ নামৰ কিশোৰজনে গাঁৱৰে এজন লোকৰ চাৰিসীমাৰ বেৰৰ ওপৰত উঠোতেই কিশোৰজন বিদ্যুতপৃষ্ট হৈ ছিটিকি পৰে আৰু থিতাতে নিহত হয় ।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ছাতিপুৰ গাঁৱৰ ওপৰেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাৰ বিদ্যুত পৰিবাহি তাঁৰ আছিল বিপদজনক অৱস্থাত ৷ যাৰ ফলত প্ৰায়ে অঞ্চলটোত সংঘটিত হৈ আহিছে অঘটন ৷ বিদ্যুত বিভাগৰ হেমাহিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি কলে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত বিদ্যুত বিভাগত অভিযোগ দাখিলৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে অঞ্চলবাসী ৰাইজে ৷
লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ