ETV Bharat / state

চিৰাঙত নগদ 13 লাখ টকা সহ আটক চাৰিজন যুৱক - chirang

নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মাজত বিতৰণৰ উদ্দেশ্যে ধন অনাৰ সন্দেহ এচএচটি তথা ফ্লাইং স্কোৱাডৰ ৷

চিৰাঙত নগদ 13 লাখ টকা সহ আটক চাৰিজন যুৱক
author img

By

Published : Apr 19, 2019, 11:15 PM IST

চিৰাং, 19 এপ্ৰিল : এচএচটি আৰু ফ্লাইং স্কোৱাডৰ অভিযানত চিৰাঙত জব্দ 13 লাখ টকা ৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ তিনিদিন থকাৰ পূৰ্বে বৃহৎ পৰিমাণৰ ধন জব্দ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

চিৰাঙত নগদ 13 লাখ টকা সহ আটক চাৰিজন যুৱক

শুকুৰবাৰে চিৰাঙৰ ৰনিখাতাৰ আশ্ৰাবাৰীৰ পৰা জব্দ হয় এই ধনখিনি ৷ এচএচটি আৰু ফ্লাইং স্কোৱাডৰ যুটীয়া অভিযানত এখন মাৰুটি ভেনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ধনখিনি ৷ ধন সহিতে অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে উৎপল দেশী নামৰ পশ্চিমবংগৰ যুৱক এজনৰ সৈতে তেওঁৰেই তিনি সতীৰ্থক ৷ তিনিবন্ধুৰ সৈতে ভূটানৰ গেলেফুৰ পৰা ধন লৈ চিৰাঙত উপস্থিত হৈছিল যুৱকজন ৷ নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মাজত বিতৰণৰ উদ্দেশ্যে এই ধনখিনি অনা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে এচএচটি তথা ফ্লাইং স্কোৱাডে ৷

চিৰাং ব্ৰেকিং 

চিৰাঙৰ ৰুনিখাতাত এচএচটি আৰু ফ্লাইং স্কোৱাদ আৰু আৰক্ষীৰ অভিযানত ১৩ লাখ টকা জব্দ । লোকসভা নিৰ্ব্বাচনৰ তিনিদিন পুৰ্ব্বে এই বৃহৎ পৰিমানৰ ধন জব্দ কৰা ঘটনাই ৰহস্যৰ সৃষ্টী কৰিছে । ৰুনিখাতাৰ আশ্ৰাবাৰীৰ পৰা জব্দ এই ধনখিনি। এএচ ১৯চি_১২৩৪ নম্বৰ মাৰুতি ভেন গাড়ীৰে পশ্চিম বঙ্গৰ মালদাৰ বাসিন্দা উৎপল দেশি নামৰ লোকজনে অইন তিনিজন বন্ধুৰ সৈতে ভূটানৰ গেলেফুৰ পৰা আহি থকা অৱস্থাত জব্দ হয় টকাখিনি । কোনো ধৰনৰ বৈধ নথি নথকা টকাখিনিৰ বিষয়ে অধিক তদন্ত চলি আছে । যিহেতু কোনো বৈধ নথি নাই সেয়ে টকাখিনি নিৰ্ব্বাচন কেন্দ্ৰীক নে আন কিবা সেই বিষয়ে অধিক তদন্ত চলিব বুলি ৩১নং চিদলী বিধান সভা সমষ্টীৰ নিৰ্ব্বাচনি মেডিয়াচেলৰ পৰা জানিব দিছে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.