ETV Bharat / state

নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Jan 21, 2020, 8:37 PM IST

মঙলবাৰে বিজনীৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বিজনীৰ হাঁহচৰাস্থিত বিদ্যালয়খনত শিক্ষাৰ সমান্তৰালকৈ সামৰিক বাহিনীত যোগদান কৰাৰ বাবে সকলোধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

1st Anniversary of North East Military School in Bijni Chirang
নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিৰাং, 21 জানুৱাৰীঃ নামনি অসমৰ বিজনীস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুলে আজি পূৰ্ণ কৰে সম্পূৰ্ণ এবছৰ ৷ যোৱাবছৰৰ আজিৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল বিদ্যালয়খন ৷ বিজনীৰ হাঁহচৰাস্থিত এইখন বিদ্যালয় ৰাজ্যৰ ভিতৰতে প্ৰথম য'ত প্ৰাৰম্ভিক শিক্ষাৰ লগতে সেনাবাহিনীত যোগদান কৰিবলৈ সকলো সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত দুঃসাহসিক ক্ৰীড়া

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল

মঙলবাৰে বিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ বিদ্যালয়খনৰ স্থায়ী গৃহ নিৰ্মাণৰ আধাৰশীলা স্থাপন কৰে ভাৰতীয় সেনাৰ 5ম গাড়ৱাল ৰাইফলছৰ কেপ্টেইন সুধিৰে ৷ 25 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা বিদ্যালয়খনলৈ মুখ্যমন্ত্ৰীয়ে 2 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে ৷

বিশিষ্টব্যক্তিসকলৰ পৰা বঁটা গ্ৰহণৰত শিক্ষাৰ্থীসকল

28গৰাকী শিক্ষাৰ্থী আৰু 6গৰাকী শিক্ষকেৰে যাত্ৰা আৰম্ভ কৰা বিদ্যালয়খনে আজি এবছৰ সম্পূৰ্ণ কৰে ৷ বিদ্যালয়খনৰ কাৰ্যকৰী সভাপতি ডাঃ ৰতন ৰায়ৰ সভাপতিত্বত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন মুকলি সভাও অনুষ্ঠিত হয় ৷

নৰ্থ ইষ্ট মিলিটাৰী স্কুলত বিধায়ক কমল সিং নাৰ্জাৰী

সভাত বিদ্যালয়ৰ মুখ্য উপদেষ্টা তথা শিশু বিশেষজ্ঞ ডাঃ ইতেশ বৰদলৈৰ লগতে বিধায়ক কমল সিং নাৰ্জাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অনুপম সৰকাৰ, অধ্যক্ষ প্ৰবীণ কুমাৰ ভূঞাৰ লগতে সেনাৰ 5ম গাড়ৱাল ৰাইফলছৰ কেপ্টেইন সুধিৰে অংশগ্ৰহণ কৰে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা কেপ্টেইন সুধিৰে কেৰেলাৰ এখন সাধাৰণ গাঁৱৰ চৰকাৰী বিদ্যালয়ত পঢ়ি কিদৰে সেনাৰ কেপ্টেইন পদত অধিস্থিত হ'বলৈ পালে সেই বিষয়ে প্ৰকাশ কৰে ৷ সভাত বিদ্যালয়খনৰ 7গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অলিম্পিয়াড পৰীক্ষাত গনিত, বিজ্ঞান আৰু অন্যান্য বিষয়ত লাভ কৰা স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ বাবে বঁটা প্ৰদান কৰা হয় ৷ সভাৰ অন্তত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে সেনাৰ তত্বাৱধানত বিভিন্ন দুঃসাহসিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷

Intro:চিৰাঙৰ বিজনী নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্টা দিৱস । বৰ্ণাঢ্য কাৰ্যসুচি ।

Body:চিৰাং জিলাৰ বিজনীৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্টা দিৱস আজি দিনযোৰা কাৰ্য্যসুচিৰে অনুষ্টিত হয় । ৰাতিপুৱা বিজনীৰ হাহচৰাত নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ স্থায়ী গৃহৰ আধাৰশীলা স্থাপন কৰে ভাৰতীয় সেনাৰ ৫ ম গাৰোৱাল ৰাইফলচৰ কেপ্টেইন সুধিৰে । ২৫ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান আৰম্ভ কৰিবলৈ লোৱা বিদ্যালয় খনলৈ মুখ্যমন্ত্ৰীয়ে ২ কোটী টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষনা কৰে বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে । বিজনী নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ কাৰ্য্যকৰি সভাপতি ডা°ৰতন ৰায়ৰ সভাপতিত্বত
প্ৰথম বাৰ্ষিক প্ৰতিষ্টা দিৱসৰ মুকলি সভা অনুষ্টিত হয় । সভাত বিদ্যালয়ৰ মুখ্য উপদেষ্টা তথা বঙাইগাঁওৰ শিশু বিশেষজ্ঞ ডা° ইতেশ বৰদলৈৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মুখ্য অতিথি হিচাবে উপস্থিত থকা বিজনী বিধান সভা সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অনুপম সৰকাৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ প্ৰবিন কুমাৰ ভূঞাই ভাষন দিয়ে । সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষন দিয়ে ভাৰতীয় সেনাৰ ৫ ম গাৰোৱাল ৰাইফলচৰ কেপ্টেইন সুধিৰে । তেখেতে কেৰেলাৰ এখন সাধাৰন চৰকাৰী বিদ্যালয়ত শিক্ষা লাভ কৰি কিদৰে অতি কম বয়সতে সেনাৰ কেপ্টেইন পদত অধিষ্টিত হবলৈ পালে সেই বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । সভাত বিদ্যালয় খনৰ ৭ জন কৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্টীয় পৰ্য্যায়ৰ অলিম্পিয়াডত গণিত-বিজ্ঞান তথা অন্যান্য বিভাগত স্বৰ্ণ,ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সকলক বটা দিয়ে । বিদ্যালয়ৰ অধ্যক্ষ সহ বিদ্যালয়খনৰ সৈতে জড়িত সকলো কৰ্মচাৰীক সম্বৰ্ধনাও জনোৱা হয় । তাৰ পিচতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দু-সাহশিক কলা প্ৰদৰ্শন কৰে ।

বাইট : কমল সিং নাৰ্জাৰী,বিধায়ক বিজনী ।

Conclusion:যোৱা বছৰ আজিৰ দিনটোতে অসমৰ মুখ্য মন্ত্ৰীয়ে এই খন বিদ্যালয়ৰ উদ্ধোধন কৰিছিল অস্থায়ী গৃহত । ২৮ জন ছাত্ৰ-ছাত্ৰী সহ ৬ জন শিক্ষক-শিক্ষয়িত্ৰী লৈ এই বিদ্যালয়খনে ইতিমধ্যে এটা বছৰ অতিক্ৰম কৰিলে । স্হায়ী ভাৱে বিদ্যালয় গৃহৰ নিৰ্মান সম্পুৰ্ণ হৈ উঠিলে প্ৰধান মন্ত্ৰীৰ দ্বাৰা উদ্ধোধন কৰাৰ কথাও প্ৰকাশ কৰিলে বিজনী সমষ্ঠীৰ বিধায়ক কলম সিং নাৰ্জাৰীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.