ETV Bharat / state

Tragic road accident in Moran: মৰাণত দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এখন স্কুটী আৰু ৱেগনাৰক; নিহত 2

author img

By

Published : Dec 24, 2021, 7:36 PM IST

মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঝলমত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Tragic road accident in Moran) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী স্কুটী আৰোহী ৷

মৰাণত দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এখন স্কুটী আৰু ৱেগনাৰক; নিহত 2

মৰাণ, 24 ডিচেম্বৰ : মৰাণত অঘটন ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঝলমত শুকুৰবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Tragic road accident in Moran) ৷ একে পথেৰে আহি থকা এখন ৱেগনাৰ বাহন অতিক্ৰম কৰিবলৈ গৈ এখন ট্ৰাকে মহতিয়াই নিয়ে এখন স্কুটী ৷

ফলত স্কুটী আৰোহী দুগৰাকী থিতাতে নিহত হয় (Two person death in a road accident at Moran) ৷ নিহত স্কুটী আৰোহী দুগৰাকী ক্ৰমে মৰাণৰ বিজুলী নগৰৰ গীতামণি গগৈ (৩৮) আৰু মৰাণ সেউজপুৰৰ ৰীতামণি দাস (৩৩) বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে, নিহত স্কুটী আৰোহী দুগৰাকী সম্বন্ধত বাই-ভনী আছিল ৷

ঘটনাৰ বিৱৰণি অনুসৰি, নিহত দুই ভগ্নীয়ে AS ৩৩ ৫৪০৯ নম্বৰৰ স্কুটীৰে চেপনৰ দিশলৈ গৈ আছিল ৷

তেনে অৱস্থাতে স্কুটীখনৰ বিপৰীত দিশৰ পৰা আহি থকা AS০৬U৯২৬৪ নম্বৰৰ এখন ৱেগনাৰ বাহনক একে পথৰে আহি থকা এখন ৭০৯ ট্ৰাকে অতিক্ৰম কৰিবলৈ চেষ্টা কৰে ৷ ফলত ৭০৯ ট্ৰাকখনে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীক ৷ ইফালে ৱেগেনাৰ বাহনখনেও নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ট্ৰাকখনক ৷

দুয়োখন বাহনে একে সময়তে ট্ৰাকখনক খুন্দিওৱাৰ ফলত ৱেগনাৰ খন পথৰ ওপৰতে বাগৰি পৰে ৷ ইফালে স্কুটীখন বহু দূৰৈত চিটিকি পৰেগৈ ৷ যাৰ ফলত স্কুটী আৰোহী দুগৰাকী গুৰুত্বৰভাৱে আহত হয় ৷

পৰৱৰ্তী সময়ত স্কুটী আৰোহী দুয়োগৰাকী মহিলাক সংকটজনক অৱস্থাত মৰাণ মেডিকেল চেন্টাৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে, ৱেগনাৰৰ আৰোহী কেইগৰাকীও কম-বেছি পৰিমাণে আঘাটপ্ৰাপ্ত হয় ৷ চিকিৎসকে উল্লেখ কৰা অনুসৰি, ৱেগনাৰৰ আৰোহী কেইগৰাকী বৰ্তমান বিপদমুক্ত ৷

লগতে পঢ়ক : কৰিমগঞ্জত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.