ETV Bharat / state

৪২ খন শৰাই আগবঢ়াই আহোম স্বৰ্গদেউসকলক শ্ৰদ্ধা নিবেদন চৰাইদেউ মৈদামত - Tribute Ceremony organized at Charaideo Maidam

৪২ খন শৰাই উছৰ্গাৰে চৰাইদেউ মৈদামত স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন (Tribute Ceremony organized at Charaideo Maidam)৷ ১৯৫৩ চনৰ পৰাই ধাৰাবাহিকভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম স্থলীত প্ৰতিবছৰে এই তৰ্পণ উৎসৱটি পালন কৰি অহা হৈছে ৷

চৰাইদেউ মৈদামত আয়োজন স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠান

author img

By

Published : Mar 23, 2022, 11:08 AM IST

মৰাণ, 23 মাৰ্চ : বৰ অসমৰ প্ৰতিষ্ঠাপক চাওল্যুং চুকাফাকে ধৰি আন স্বৰ্গদেউসকলৰ পূণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই সোমবাৰৰ পৰা দুদিনীয়াকৈ ঐতিহাসিক চৰাইদেউ মৈদাম স্থলীত আয়োজন কৰা হয় ৭০ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠান (Tribute Ceremony to Ahom kings at Charaideo Maidam) ৷ পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে আয়োজন কৰা হয় এই স্মৃতি তৰ্পণ অনুষ্ঠানটো ৷ সুদীৰ্ঘ কাল ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকলৰ লগতে আৰাধ্য দেৱতা লেংডন, খুনলুং আৰু খুনলাইৰ নামত মঙলবাৰে ৪২ খন পায়সৰ শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰা হয় ৷

চৰাইদেউ মৈদামত আয়োজন স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠান

আনহাতে, এই কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা লাংকুৰি দেওশালৰ নামনিত অৱস্থিত গোটা দৌলত চোমদেওলৈ শৰাই আগবঢ়োৱা হয় ৷ লগতে মঙলবাৰে নিশা দৌলত নাম-কীৰ্তনো কৰা হয় ৷ দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে শতাধিক ৰাইজ ৷

উল্লেখ্য যে, ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাই পৰ্বত পাৰ হৈ অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যোগেদি বৰ অসমৰ সপোন ৰচিছিল চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলে ৷ আহোম যুগৰ সেই স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলৰ পূণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫৩ চনৰ পৰাই ধাৰাবাহিকভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম স্থলীত প্ৰতিবছৰে উদযাপন কৰা হয় এই তৰ্পণ উৎসৱটি ৷

লগতে পঢ়ক : আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.