ডিব্ৰুগড়, 10 অক্টোবৰ : সোমবাৰে উত্তাল হ’ল সোণাৰিৰ পাচলি বজাৰ ৷ ব্যৱসায়ী খচৰুল ইছলামক হত্যাৰ চেষ্টা চলোৱা দোষীক শাস্তি দিয়াৰ লগতে আন দুই অভিযুক্তক কাৰায়ত্ত কৰাৰ দাবীত উত্তাল হ’ল সোণাৰি (Traders association protest at Sonari) ৷ এক প্ৰকাৰে ব্যৱসায়ী খচৰুল ইছলামৰ ন্যায়ৰ (Justice for Khasrul Islam) আন্দোলনত নামি পৰিছে ব্যৱয়াসীসকল ৷
বিগত 3 অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদে পৰিয়ালৰ আন দুজন উদণ্ড যুৱকক লগত লৈ গুৰুলাগুৰুলভাৱে প্ৰহাৰ কৰিছিল ৷ ফলত গুৰুতৰভাৱে আহত হৈছিল ব্যৱসায়ীগৰাকী ৷
সেয়ে এই ঘটনাত জড়িত সকলো দোষীক শীঘ্ৰেই আটক কৰাৰ দাবীত সোমবাৰে সোণাৰি শাক-পাচলি ব্যৱসায়ী সন্থা, পাচলি বজাৰ সন্থা, মাছ বজাৰ সন্থা আৰু মদিনা মাৰ্কেট ব্যৱসায়ী সন্থাই দিনৰ দহ বজাৰ পৰা মদিনা মাৰ্কেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Sonari)।
লগতে পঢ়ক : সুৰাৰ ৰাগীত গৰ্ভৱতী পত্নী আৰু দুবছৰীয়া কন্যাক ঘপিয়াই হত্যা এজন লোকৰ
ইতিমধ্যে সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই ঘটনাটোৰ মূল তিনিজনৰ ভিতৰত এজন নায়ক চিয়াবউদ্দিন আহমেদক আটক কৰে ৷ কিন্তু ঘটনাৰ সৈতে জড়িত আন দুজন ক্ৰমে তেওঁৰে পৰিয়ালৰ চাহিদ আহমেদ আৰু আখতাৰ আহমেদ এতিয়াও পলাতক অৱস্থাত আছে ।
সেয়ে এই প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰী ব্যৱসায়ীসকলে শীঘ্ৰেই এটা দুজন অভিযু্ক্তক আটক কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে । অন্যথা ব্যৱসায়ীসকলে ইয়াতকৈও অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি এক প্ৰকাৰে সকিয়নি প্ৰদান কৰে ।
লগতে পঢ়ক : কোকৰাঝাৰত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ চিৰাঙৰ ছানিদুলক