ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Mar 26, 2022, 9:00 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

শিক্ষামন্ত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ বৈঠক

শুকুৰবাৰে শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ উত্তাল প্ৰতিবাদৰ পিছতে সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক । পূৰ্বে পাবলগীয়া বকেয়া ধন ১৫ দিনৰ ভিতৰত সকলোৱে লাভ কৰিব । সাময়িকভাৱে স্থগিত আন্দোলনৰ কাৰ্যসূচী । শীঘ্ৰেই সিদ্ধান্ত সমূহ কাৰ্যকৰী আৰু মাননি বৃদ্ধি নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ(Mid day Meal workers protest at Khanapara) ।

The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

দেশজুৰি বিশেষ চৰ্চা লাভ কৰা দ্য কাশ্মীৰ ফাইলচ্ ছবিখনক কেন্দ্ৰ কৰি অসমতো সম্প্ৰতি ভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (The Kashmir Files influence in Assam)। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মকৰ্তাসকল ছবিখনৰ প্ৰচাৰৰ বাবে উঠিপৰি লগা দেখা গৈছে ৷ ইয়াৰ মাজতে অসমীয়া ছবিজগতখন লৈ চৰকাৰে পিঠি দিয়াক লৈও প্ৰশ্নৰ উত্থাপন হৈছে ৷

Eco Sensitive Zone: কলিয়াবৰৰ লেপ্ৰ'চি কলনিত কান্দোনৰ ৰোল

ৰাজ্যিক কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিডৰ আৰু পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco Sensitive Zone in Kaziranga)সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পিছতে এখন কলনিৰ প্ৰায় দুই শতাধিক লোক শংকিত হৈ পৰিছে । মহাত্মা গান্ধীৰ সপোনক বাস্তৱ ৰূপ দি বি. কে. ভাণ্ডাৰীয়ে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা কলিয়াবৰৰ পূৱ প্ৰান্তত কুঠৰীত কুষ্ঠ কল্যাণ আশ্ৰম নিৰ্মাণ কৰিছিল ১৯৫০ চনত ।

বুকুত মাতৃ বিয়োগৰ বেদনা লৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰ

৮ বছৰ পূৰ্বেই পিতৃক হেৰুওৱা এজন ছাত্ৰই পৰীক্ষাৰ মাজতেই হেৰুৱালে মাতৃক (HS exam candidate losses his mother during exams) । মাতৃক হেৰুৱাৰ কঠিন বেদনা বুকুত লৈয়েই পৰীক্ষাত বহিল কংকনজ্যোতি বৰা নামৰ ছাত্ৰগৰাকী । উচ্চ শিক্ষাগ্ৰহনৰ সপোন দেখা মেধাসম্পন্ন ছাত্ৰগৰাকীৰ ওপৰত এতিয়া পৰিয়াল পোহ-পালৰো দায়িত্ব ।

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত প্ৰতিদিনে চলি আছে অবৈধ বালিৰ খনন (Illegal sand mining at Rangia) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । কাৰ নেতৃত্বত চলিছে এই অবৈধ খনন !

গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU

গুজৰাটত স্থাপন কৰা হ’ব পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ (Traditional medicinal global centre to be set up in Gujarat) ৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ মাজত স্বাক্ষৰিত কৰা হয় বুজাবুজিৰ চুক্তি ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰে এই তথ্য ৷

Birbhum Massacre: চিবিআইক পশ্চিমবংগৰ বীৰভূম গোচৰৰ তদন্তৰ নিৰ্দেশ

পশ্চিমবংগৰ বীৰভূম ঘটনাৰ নতুন মোৰ । এতিয়াৰ পৰা এই ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে । শুকুৰবাৰে কলকাতা আদালতে ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰে (Calcutta HC orders CBI Probe in Birbhum case)। ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ।

vidya Balan latest updates: ৰিলেছনশ্বিপ ড্ৰামাত অধিক আগ্ৰহী বিদ্যা বালান

বলীউড তাৰকা বিদ্যা বালানে কয় যে এগৰাকী অভিনেত্ৰী হিচাপে সম্পৰ্কৰ পটভূমিত ৰচনা কৰা নাটক তেওঁৰ প্ৰিয় ৷ প্ৰতীক গান্ধীৰ সৈতে এনে এটা প্ৰকল্পৰ অংশ হ'বলৈ পাই আনন্দিত হৈ পৰিছে বিদ্যা (Vidya Balan latest updates) ।

RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

25 মাৰ্চত মুক্তি হ’ল বহু প্ৰতীক্ষিত ছবি আৰ.আৰ.আৰ ৷ ছবিগৃহত ছবিখন উপভোগ কৰি থাঁকোতেই এজন যুৱক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে (Fan Dies while Watching RRR) ৷

ভূমিস্খলনৰ ফলত বন্ধ হাফলং-শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ

ভূমিস্খলনৰ ফলত হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ (National Highway of Haflong Silchar closed for landslide) ৷ বৃহস্পতিবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথচোৱাত যানবাহন চলাচল বন্ধ হৈ পৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.