ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - top 10 at 3pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 9, 2021, 2:59 PM IST

অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক

আকৌ আহিল দুৰ্গা পূজা ৷ পূজা উপলক্ষে সকলোৰে মাজত লাগিছে কাপোৰ কিনাক লৈ হেতা-ওপৰা ৷ কিন্তু পূৰ্বৰ দৰে কাপোৰৰ বিপণীসমূহত নাই গ্ৰাহকৰ ভিৰ ৷ কিন্তু কিয় ?

দুৰ্গা পূজা উদযাপনৰ বাবে সাজু শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান

সমাগত শাৰদীয় দুৰ্গা পূজা ৷ পূজাক কেন্দ্ৰ কৰি উথপথপ ৰাজ্যৰ চৌদিশ ৷ বোকাখাতৰ শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থানত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷

অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত হ'ব উপ নিৰ্বাচন । গোসাইগাঁও সমষ্টিত সৰ্বাধিক ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । আনহাতে মৰিয়নীত সৰ্বনিম্ন ৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ।

অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী

লখিমপুৰ খেৰী হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰক আজি সোধপোছ কৰিব লখিমপুৰৰ অপৰাধ শাখাই ।

নগা আলোচনা প্ৰসংগত কেন্দ্ৰক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী আৰু নেফিউ ৰিঅ'ই

নগা আলোচনা সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হ'ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই(Nagaland chief minister Neiphiu Rio) আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নগা ৰাজনৈতিক সমস্যাৰ(Naga political issue) আগতীয়া নিষ্পত্তিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সম্প্ৰতি দিল্লীত শিবিৰ পাতি থকা কেন্দ্ৰীয় নেতা তথা নগা ৰাজনৈতিক গোটসমূহৰ(Naga Political Groups) সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী দুগৰাকী ৷

সমাজৰ বিশিষ্ট ব্যক্তিৰে ভৰিছে কাৰাগাৰ-লকআপ

বিগত তিনি-চাৰি মাহত সমাজৰ একাংশ বিশিষ্ট ব্যক্তিৰে ভৰি পৰিছে কাৰাগাৰ আৰু থানা সমূহৰ লকআপ ৷ অতিৰিক্ত উপায়ুক্ত, আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি, কৰ্মৰত ডি আই জি, আৰক্ষী অধীক্ষক, বিধায়ক, মডেল সকলো অন্তৰ্ভুক্ত হৈ আছে এইসকলৰ মাজত ৷

ধোঁৱা চাঙত চৰকাৰী আঁচানি; ডিমৌত কোটি টকীয়া চৰকাৰী আঁচনি ধ্বংসৰ গৰাহত

থাওৰাৰ ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰত ধ্বংস হৈ পৰি ৰৈছে কোটি কোটি টকাৰ সামগ্ৰী ৷ কেন্দ্ৰটো পুনৰ উজ্জীৱিত কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে ৷

Hit and Run case: কিয় ড৹ নভনীল বৰুৱাই ফোন কৰিছিল ডিজিপি মহন্তক?

মডেল ৰাজকন্যা বৰুৱাৰ ঘটনাত নাম সাঙোৰ খাইছে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৷ নিজৰ নাম সাঙোৰ খাই পৰাৰ লগে লগে সংবাদমেলযোগে স্পষ্টীকৰণ ডিজিপি মহন্তৰ ৷ চিকিৎসক ড৹ নভনীল বৰুৱাই ৰাজকন্যাৰ এডমিশ্যন সন্দৰ্ভত ফোনযোগে যোগাযোগ কৰা বুলি স্বীকাৰ কৰিছে ভাস্কৰজ্যোতি মহন্তই ৷ ৰাজকন্যাক এৰেষ্ট কৰা হ'ব নেকি বুলি সুধিছিল ড৹ নভনীল বৰুৱাই ৷

ডিব্ৰুগড়ৰ অতিকৈ পুৰণি এখনি শক্তিপীঠত চলিছে পূজাৰ প্ৰস্তুতি

ডিব্ৰুগড় জিলাৰ দুৰ্গা পূজাথলী সমূহৰ অন্যতম এখনি পূজা হৈছে বকুল দুৰ্গা পূজা ৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ডিব্ৰুগড়ত প্ৰাণ পাই উঠিছিল বকুল দুৰ্গা পূজাই ৷ লোকবিশ্বাস অনুসৰি, পূৰ্বতে এই পূজাত দিয়া হৈছিল নৰবলি ৷ কিন্তু পৰৱৰ্তী সময়ত নৰবলিৰ প্ৰথা বন্ধ হৈ পৰাত সম্প্ৰতি এই স্থানত দিয়া হয় ম'হৰ লগতে ছাগলী, পাৰ, হাঁহ আদিৰ বলি ৷ এই পূজাস্থলীত প্ৰতিবছৰে মিলিত হয় হিন্দু-ইছলামধৰ্মী লোকসকল ৷ ধৰ্মীয় ভেদভাৱ পৰিহাৰ কৰি সকলো লোকেই এনেদৰে পালন কৰি আহিছে শাৰদীয় দুৰ্গা পূজা ৷

অসম-মেঘালয় সীমান্তৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ মন্ত্ৰী গোটৰ প্ৰতিনিধি দল

শনিবাৰে কইনাধৰা, পাটৰকুছি, পিলিংকাটা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় দুই ৰাজ্যৰ প্ৰতিনিধি দলে । এই জন শুনানিত উপস্থিত আছিল মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচং, অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক অতুল বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.