ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - Lurinjyoti Gogoi in Majuli

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 7, 2022, 11:03 AM IST

Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান'

অৱশেষত আৰম্ভ হ’ল বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচন ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 9 বজালৈকে সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷'

Majuli By-Poll: ভোটাধিকাৰ সাব্যস্ত কৰিলে ভুবন গামে

মাজুলীৰ উপ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে ৷ পুৱাই পত্নীসহ আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মাজুলীৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bjp Candidate Bhuban Gam) । পুৱা ৭ বজাৰ পৰা মাজুলীত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া(Majuli By Election 2022) ।

আৰম্ভ হ’ল মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ

সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে মাজুলীৰ উপ নিৰ্বাচন 2022ৰ ভোটগ্ৰহণ(Majuli By Election 2022) ৷ জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত ১ লাখ ৩৩ হাজাৰৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম(Bjp Candidate Bhuban Gam), বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজালৈ চলিব ৷

আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ

আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷ জিলাখনৰ মুঠ ১,৩৩,২২৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷

মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে

জন্মদাত্ৰী মাতৃৰ বিয়োগৰ এবছৰৰ পিছত মাজুলীত আন এগৰাকী মাতৃ পালে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Majuli)। চুনু দাস নামৰ মাতৃগৰাকীক সাক্ষাতৰ পিছতে আবেগৰ চকুলো বৈ আহে লুৰীণজ্যোতি গগৈৰ ৷ পুত্ৰ লুৰহণলৈ বুলি হেঁপাহৰ উপহাৰো দিলে মাতৃ চুনু দাসে ৷

বহিঃৰাষ্ট্ৰৰ মাজেৰে জল পৰিবহণৰ সূচনা অসমৰ ইতিহাসৰ মাইলৰ খুটি: মুখ্যমন্ত্রী

পাটনাৰ পৰা পাণ্ডুত উপস্থিত হোৱা প্ৰথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Motor vessel Lal Bahadur Shastri)। 1800 মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই হালদিয়াৰ পৰা পাণ্ডু অভিমুখে আহি আছে আন এখন ম‍লবাহী জাহাজ । আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত এক বৃহৎ টাৰ্মিনেল নির্মাণৰ লগতে ১৩ টা সৰু টাৰ্মিনেল নির্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

৫ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি হ’ব পাৰে জি এচ টিৰ নিম্নতম শ্লেব

জিএছটি পৰিষদে হ’বলগীয়া পৰৱৰ্তী বৈঠকত (Next session of GST council) সৰ্বনিম্ন কৰ ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । লগতে ৰাজহ বৃদ্ধি আৰু ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ ওপৰত ৰাজ্যসমূহৰ নিৰ্ভৰশীলতা দূৰ কৰাৰ বাবে চলিত থকা জিএছটি ৰেহাই তালিকাৰ পৰা কিছু সামগ্ৰী কৰ্তন কৰাৰ কথা বিবেচনা কৰিব পাৰে । জিএছটি পৰিষদে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ আৰম্ভণিতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰিব লগীয়া আসনৰ হিচাপ দিলে ভবেশ কলিতা

‘‘পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিব ৷’’ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ (Bhabesh Kalita comments on municipal election)৷

বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে 48 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival 2022) ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী বাংলোত এখন সংবাদমেলত উপস্থিত থাকি অসমত জেহাদীৰ কাৰ্যকলাপে অশুভ সংকেত বহন কৰিছে বুলি মন্তব্য কৰে (CM Himanta Biswa Sarma organaize press conference at Diphu) ৷

বৰাক উপত্যাকাৰ প্ৰতিটো ৱাৰ্ডতে জয়ী হ’ব বিজেপি: বিধায়ক বিজয় মালাকাৰ

‘‘বৰাক উপত্যকাৰ আটাইকেইখন পৌৰসভা বিজেপিৰ দখলত থাকিব (Assam municipal election 2022) ৷ ইতিমধ্যে ৰামকৃষ্ণনগৰৰ দুখন কৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে জয়ী হৈছে বিজেপি আৰু বাকী আঠটা ৱাৰ্ডো বিজেপি প্ৰাৰ্থীৰ দখলত থাকিব’’ ৷ দেওবাৰে ৰামকৃষ্ণনগৰ পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডত ভোটদান কৰিবলৈ আহি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক বিজয় মালাকাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.