ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰি... - TOP 10 AT 11 AM

11 বজাৰ শীৰ্ষ বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : Oct 5, 2021, 11:00 AM IST

অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

স্বাধীনতাৰ 75 তম বৰ্ষপূৰ্তি উপলক্ষ্যে লক্ষ্ণৌত 4,737 কোটি টকাৰ মুঠ 75 টা প্ৰকল্প জনতাৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !

"বিশ্ব সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিয়মাৱলীসমূহৰ উলংঘন কৰি প্ৰতিবাৰে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সীমান্ত সংঘাতত লিপ্ত হৈ আহিছে ৷" ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ First Committee General Debateৰ ‘Right of Reply’ শিতানত এই মন্তব্য কৰে ভাৰতে ৷

পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

পশ্চিমবংগৰ বৰ্ধমান জিলাৰ আণ্ডালৰ পৰা উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক ৷ সোণাৰি আৰক্ষীৰ তৎপৰাত আণ্ডাল আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকদ্বয়ক ৷ লগতে ঘটনাৰ লগত জড়িত এজনক পিষ্টলসহ আটক কৰিছে আৰক্ষীয়ে ৷

এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল

এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷

সেৱা ব্যাহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে

মঙলবাৰৰ পৰা পুনৰ আগৰ দৰে কাৰ্যক্ষম হ’ল ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ৷ সোমবাৰে হঠাৎ ফেচবুকৰ অধীনস্থ বিভিন্ন সেৱাসমূহ ব্যাহত হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবৰ্গে ৷

জোনাইত বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা বিভিন্ন সংগঠনৰ

ধেমাজি কেবিনেটৰ সিদ্ধান্তই মূৰ্কংচেলেক জনজাতিৰ আবেষ্টনীত বসবাস কৰি অহা টাই-আহোম(Tai Ahom), চুতীয়া(Chutia), কোচ-ৰাজবংশী(Koch-Rajbongshi), গোৰ্খা(Gorkha)সকলৰ সত্তৰ বছৰীয়া ভূমি সমস্যাৰ ওৰ পেলাইছে ৷ 2011 চনৰ পূৰ্বৰ উপযুক্ত নথিৰ আধাৰত চাৰি জনগোষ্ঠীৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰিব ৷

মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই: ৰৌণগৌৰা নাৰ্জাৰী

বিজেপি-বিপিএফ(BJP-BPF)ৰ মিত্ৰতা প্ৰসংগত ইউপিপিএল(UPPL) দলৰ প্ৰতিক্ৰিয়া ৷ মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই ৷ বিপিএফে সুবিধাবাদৰ ৰাজনীতি কৰি ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি মন্তব্য কৰে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী(Rwngwra Narzary)য়ে ৷

জোনাইত মিছন বসুন্ধৰা আঁচনি উদ্বোধন সাংসদ প্ৰদান বৰুৱাৰ

গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্য চৰকাৰে মুকলি কৰিছিল মিছন বসুন্ধৰা । সোমবাৰে জোনাইত মিছন বসুন্ধৰাৰ শুভাৰম্ভ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷

নাথ যোগীক অন্তৰ্ভূক্ত কৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত : অৰবিন্দ নাথ

কোকৰাঝাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী ৷ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ প্ৰতিনিধি অন্তৰ্ভূক্তিৰ দাবী সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ ৷

দিখৌৰ বুকুত জাঁপ ১৩ বছৰীয়া কিশোৰীৰ

শিৱসাগৰ নগৰত অঘটন । এগৰাকী কিশোৰীয়ে দিখৌ নদীত জাঁপ দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । সোমবাৰে সন্ধিয়া এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে দিখৌ নদীত জাঁপ দিয়ে ৷ কিশোৰী গৰাকী শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৰাজীৱ দাসৰ জীয়ৰী বুলি জানিব পৰা গৈছে ৷ কিশোৰী গৰাকীয়ে কি কাৰণত নদীত জাঁপ দিলে সেইয়া এতিয়াও জানিব পৰা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.