চৰাইদেউ, 18 জুনঃ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাটি সেনা চাউনিত আত্মসমৰ্পণ আনলা নেতাসহ ছয় সদস্য । আত্মসমৰ্পণকাৰী কেদাৰ সকলে বহু মাৰণাস্ত্ৰ জমা দিয়ে সেনাৰ ওচৰত ।
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী সেনা চাউনিত আত্মসমৰ্পণ কৰে দুই দুৰ্ধৰ্ষ আনলা নেতাসহ ছয় সদস্যই । আত্মসমৰ্পণকাৰী দুই দুৰ্ধৰ্ষ নেতা ক্ৰমে মেজৰ অনিল ইবক(মুখ্য সেনাধ্যক্ষ ও বিত্তীয় সম্পাদক) আৰু যোৰহাট আৰু গোলাঘাটৰ এৰিয়া কামাণ্ডাৰ ছাৰজেণ্ট মেজৰ দুৰ্গেশ তাঁতী । লগতে ছয় দুৰ্ধৰ্ষ কেডাৰ ক্ৰমে-শান্তিয়াল বিৰজীয়া,ৰৱাট তপ্প,জীচয়া শৰ আৰু মজেশ চিক । উল্লেখ্য যে, ২০১২ চনত আনলাৰ আলোচনাপন্থী গোটৰপৰা ফালৰি কাটি পুনৰ সংগ্ৰামলৈ গৈছিল এইসকল কেডাৰ । এওঁলোকক কুকি ৰিভলিউচনেৰি সেনা আৰু এন এছ চি এন(আই এম)য়ে সহায় কৰি অহা বুলি জানিবলৈ দিয়ে । আত্মসমৰ্পণকাৰী দলটোৱে এটা পইণ্ট২২,তিনিটা পইণ্ট 32 পিষ্টল,38টা সজীৱ গুলী,2কেজি জিলেটিন,ডিটেনিটৰ 15ডাল,2মিটাৰ কৰডেক্স লগতে বহু আপত্তিজনক নথি-পত্ৰ জমা দিয়ে ।
লগতে আন এটা বাতৰি - কৰিমগঞ্জ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ