মৰাণ, 11 আগষ্ট : আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হৈ বহু যুৱক-যুৱতী আলফালৈ যোৱাৰ খবৰ আমি প্ৰায়েই শুনি থাকো (Youths from Assam joining outlawed ULFA I)। আলফালৈ নাযাবলৈ বিভিন্ন পন্থাৰে ৰাইজক বুজাই আহিছে চৰকাৰ তথা ৰাজ্যৰ আৰক্ষী বিভাগে । ইয়াৰ মাজতে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে চৰাইদেউ জিলাত ।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত দুজন আলফাৰ লিংকমেন আটক । আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক দুয়োকে (Youth suspected to link ULFA) । সোণাৰি টাইৰাই গাঁৱৰ পৰা সাপেখাটী আৰক্ষীয়ে আটক কৰে জিতু বৰা আৰু মৃদুল বৰাক ।
উল্লেখ্য যে, আটকাধীন জিতু বৰাই সংগ্ৰামী যুৱ পৰিষদ এৰি কিছুদিন পূৰ্বে বিজেপি দলত যোগদান কৰিছিল । বিজেপি সাপেখাটী মণ্ডল যুৱ মৰ্চাৰ সম্পাদকৰ ভাতৃ হৈছে জিতু বৰা । দুয়োজনকে সোণাৰি আৰক্ষীয়ে তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে (Sonari Police arrested BJP leader suspected to link ULFA) ।
এই ঘটনাক কেন্দ্ৰ কৰি এই মুহূৰ্তলৈকে আৰক্ষীয়ে মুখ খোলা নাই নাই যদিও বিজেপি নেতা আৰক্ষীৰ জালত পৰা বিষয়টোৱে চৰাইদেউ জিলাৰ বিজেপিৰ ভিতৰচ’ৰাত চৰ্চা লাভ কৰিছে । কিয়নো সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল আটকাধীন জিতু বৰাই ৷
লগতে পঢ়ক : Facebook Post on ULFA I: আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ