ETV Bharat / state

Request of Sankardev Sangha: ৬ নৱেম্বৰত বন্ধ ঘোষণা নকৰিবলৈ TAYPA ক অনুৰোধ - Family expelled for visiting Buddha Vihar

৬ নৱেম্বৰত বন্ধ ঘোষণা নকৰিবলৈ টাই আহোম যুৱ পৰিষদলৈ কৰযোৰে আহ্বান শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহৰ আহ্বায়ক সমিতিৰ । শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহৰ মাজতে ৬ নৱেম্বৰত বন্ধ ঘোষণা কৰিছিল TAYPA ই (TAYPA will called Charaideu District bandha) ।

sankardev sangha requested to taypa
৬ নৱেম্বৰত বন্ধ ঘোষণা নকৰিবলৈ TAYPA ক অনুৰোধ
author img

By

Published : Oct 28, 2022, 2:21 PM IST

চৰাইদেউ,২৮ অক্টোবৰ: ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা নকৰিবলৈ টাই আহোম যুৱ পৰিষদলৈ কৰযোৰে আহ্বান শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহৰ আহ্বায়ক সমিতিৰ । চকলং বিবাহ কেন্দ্ৰিক শংকৰ সংঘৰ বিতৰ্কৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা সমিতিয়ে(Shankardev Sangha reacts to controversy) ।

উল্লেখযোগ্য যে চকলং বিবাহ অনুষ্ঠানত ভাগ লোৱাৰ পাছতে কেইবাটাও পৰিয়ালক এঘৰীয়া কৰাৰ পাছতে শংকৰদেৱ সংঘৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল টাই আহোম যুৱ পৰিষদে । টাই আহোম যুৱ পৰিষদ অসমে আগন্তুক সাপেখাতিত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহ অনুষ্ঠিত হোৱাৰ মাজতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ দিয়াৰ হুংকাৰ প্ৰদান (TAYPA will called Charaideu District bandha) কৰাৰ পাছতেই শুকুৰবাৰে উদযাপন সমিতিয়ে আগন্তুক শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহত সহায় সহযোগিতা আগবঢ়াবলৈ কৰযোৰে আহ্বান জনায় ।

৬ নৱেম্বৰত বন্ধ ঘোষণা নকৰিবলৈ TAYPA ক অনুৰোধ

টাইপা নেতৃত্বলৈ কৰযোৰে সেৱা জনাই কয় যে এই বন্ধ উঠাই লওক তেওঁলোকে । চৰাইদেউ জিলাৰ সাপেখাতিত অনুষ্ঠিত শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহ সকলো জাতি জনগোষ্ঠীৰ লোক এক হৈ অনুষ্ঠিত কৰা হৈছে । লগতে ঘটনাৰ স্থান যিহেতু সোণাৰি নহয় সেয়ে টাইপাক এই অনুষ্ঠানত সহযোগিতা কৰিবলৈ সংবাদমেলৰ জড়িয়তে আহ্বান জনালে উদ্যোগতা সকলে ।

উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সাপেখাতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ অহা ৪, ৫ আৰু ৬ নৱেম্বৰত সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব । সেয়েহে সোণাৰিৰ সাপেখাতিত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সকলে ।

উল্লেখ্য যে,আহোমসকলৰ পৱিত্ৰ চকলং বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই শংকৰ সংঘৰ পৰা কেইজনমানক বহিষ্কাৰ কৰাৰ বিতৰ্কৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ এক বিতৰ্কত সোমাই পৰিছিল শংকৰ সংঘ ৷ শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক (Family expelled by Sankardev Sangha at Sonari) ।

চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বহিষ্কাৰ কৰিছিল পৰিয়ালকেইটাক (Family expelled for visiting Buddha Vihar) ৷ বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবে জুটুলনি গাঁৱৰ বুলু শইকীয়া, নিৰু গগৈ, ৰীতা গগৈৰ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বহিষ্কাৰ কৰিছইল ৷

লগতে পঢ়ক: Veteran actor Nipon Goswami : বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ অন্তিম যাত্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.