ETV Bharat / state

আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন ৰহনৰ সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলন - BIHU PROGRAMME CANCEL DUE TO COVID SITUATION

সদৌ ৰহন ৰঙালী বিহু সন্মিলনেও দ্বি-বাৰ্ষিক বিহু উদযাপনৰ বাবে সাজু হৈছিল । কিন্তু কৰ'ণা পৰিস্থিতিৰ বাবে বাতিল কৰিলে বিহুৰ অনুষ্ঠান । মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলন আৰু স্বহীদ তৰ্পন কৰি সামৰণি মাৰিলে সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলনৰ ।

BIHU CELEBRATION
আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন ৰহনৰ বিহু
author img

By

Published : May 1, 2021, 12:54 PM IST

মৰাণ, ১ মে: কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এইবাৰো অসমৰ ভিন্ন প্ৰান্তত নহ'ল বিহুৰ অনুষ্ঠান । ডিব্ৰুগড জিলাত কেইবাখনো বিহু কমিটীয়ে বিহু উদযাপনৰ বাবে যো-জা চলাইছিল যদিও বাতিল কৰিব লগীয়া হ'ল কাৰ্যসূচী । অৱশ্যে বেলেগ কাৰ্যসূচী বাতিল কৰিলে কমিটীয়ে সাধাৰণভাৱে পতাকা উত্তোলনেৰে সমাপ্ত কৰি থলে বিহুৰ অনুষ্ঠান ।

BIHU CELEBRATION
আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন ৰহনৰ বিহু

ঐতিহাসিক চৰাইদেউ জিলাৰ ৰহনতো একে দৃশ্য । সদৌ ৰহন ৰঙালী বিহু সন্মিলনেও দ্বি-বাৰ্ষিক বিহু উদযাপনৰ বাবে সাজু হৈছিল । কিন্তু কৰ'ণা পৰিস্থিতিৰ বাবে বাতিল কৰিলে বিহুৰ অনুষ্ঠান । মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলন আৰু স্বহীদ তৰ্পন কৰি সামৰণি মাৰিলে সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলন ।

BIHU CELEBRATION
আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন ৰহনৰ বিহু

কোষাধ্যক্ষ নোমল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি দুৰ্গেশ্বৰ বড়া আৰু স্বহীদ তৰ্পন কৰে স্থায়ী সমিতিৰ সম্পাদক কেশৱ গগৈয়ে । মূল অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী গীতিমণী বৰগোহাঁই আৰু প্ৰিয়ংকা আৰান্ধৰাই নৃত্য প্ৰদৰ্শন কৰে লগতে বলীন ৰহণ, মনোৰঞ্জন গগৈৰ লগতে বহুকেইগৰাকী স্থানীয় শিল্পীয়ে বিহু গীত পৰিবেশন কৰে । ইয়াৰ লগে লগে সপ্তম দ্বি বাৰ্ষিক সদৌ ৰহণ ৰঙালী বিহু সন্মিলনৰ সফল সমাপ্তি ঘটে ।

লগতে পঢ়ক:এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.