ETV Bharat / state

আকৌ এবাৰ বিতৰ্কত principal বাইদেউ !

author img

By

Published : Aug 3, 2021, 5:39 PM IST

ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে ওৰ পৰা নাই বিতৰ্কৰ ৷ শেহতীয়াকৈ মৰাণ মহাবিদ্যালয়(Moran college)ৰ এইগৰাকী বিতৰ্কিত অধ্যক্ষাৰ বিৰুদ্ধে প্ৰায় ১ কোটিৰো অধিক টকাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

protest-meet-at-moran-college-against-principal-mitali-konwar
আকৌ এবাৰ বিতৰ্কত principal বাইদেউ !

মৰাণ, 3 আগষ্ট: মৰাণ মহাবিদ্যালয়(Moran college)ৰ বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে ওৰ পৰা নাই বিতৰ্কৰ ৷ তেওঁৰ কাৰ্যকালত মহাবিদ্যালয়ৰ আন্তঃগাঁথনিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত প্ৰায় ১ কোটিৰো অধিক টকাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজে ধাৰাবাহিক আন্দোলন কৰি অহাৰ লগতে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

শেহতীয়াকৈ মৰাণ মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজে আহ্বান কৰা এক ৰাজহুৱা প্ৰতিবাদী সভাত মৰাণৰ বহু গণ্যমান্য ব্যক্তি তথা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে । উক্ত সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি মৰাণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে জিলা উপায়ুক্ত, বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকো প্ৰতিলিপি প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।

আকৌ এবাৰ বিতৰ্কত principal বাইদেউ !

উল্লেখ্য যে, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে ঘৰত বন কৰা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত অভিযুক্ত হৈ ৰঙাঘৰৰ আলহি হ'বলগীয়া হৈছিল ।

বিতৰ্কিত অধ্যক্ষা গৰাকীৰ কাৰ্যকালত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনো(student union election) অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, সম্প্ৰতি মহাবিদ্যালয়ত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত(ADC Charaideo) উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ সৈতে আলোচনা কৰি প্ৰশাসনৰ তৰফৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.