নিউজ ডেস্ক, 12 ডিচেম্বৰ: ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচতে অধিক ভয়াৱহ হৈ পৰিছে অসমৰ পৰিস্থিতি ৷ ৰঙিয়াত প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ ৷ প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ শূণ্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷ শতাধিক প্ৰতিবাদকাৰীয়ে বিধায়ক ভৱেশ কলিতাৰ ঘৰ ঘেৰাও কৰাৰ সময়তে অপ্ৰতিকৰ ঘটনা ৷ আন্দোলনকাৰীৰ ভূমিকা লৈ কোনো দুষ্কৃতিকাৰীয়ে বিধায়ক বাসগৃহলৈ শিল দলিওৱাৰ লগতে সন্মুখতে থকা পেট্ৰ'ল পাম্প জ্বলাই দিয়াৰ চেষ্টা চলায় ৷ কেব বিৰোধী আন্দোলনক বিপথগামী কৰিবলৈ চেষ্টা চলায় আছে একাংশ দুষ্কৃতিকাৰীয়ে ৷
সমান্তৰালকৈ মিৰ্জাতো প্ৰতিবাদকাৰীক লাঠিচালনা আৰক্ষীৰ ৷ ইমানতে শান্ত নাথাকি প্ৰতিবাদকাৰীলৈ ৰবৰৰ গুলীৰ লগতে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ চলালে তিনিজাঁইকৈ গুলী ৷ আহত কেইবাজনো প্ৰতিবাদকাৰী ৷
চৰাইদেউ জিলাৰ সোণাৰিৰ সোণাৰি মহাবিদ্যালয়ৰ সন্মুখতো উত্তেজনা ৷ স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে শ শ সাধাৰণ জনতা ৷ প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলী চলোৱাৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰে ৷ আৰক্ষীৰ লাঠিচালনাত আহত হয় এগৰাকী মহিলা ৷
বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ ঘৰলৈ সোঁত বৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ ৷ পৰিস্থিতি উত্তপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, চক্ৰ বিষয়াকে ধৰি প্ৰশাসনৰ দল ৷ যিকোনো মূহূৰ্ত্ততে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ৷
আনহাতে 144 ধাৰাক নস্যাৎ কৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সমাগম ঘটিছে মহানগৰীৰ লতাশিলত ৷ শিল্পী, সাংবাদিকৰ পৰা সাধাৰণ জনতালৈ সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জাতিধ্বংসী বিধেয়কৰ বিপক্ষে আন্দোলনত অংশ ল'বলৈ ৷ সকলোৱে বজ্ৰকণ্ঠে ঘোষণা কৰিছে কেতিয়াও মানি নলয় অসমীয়াৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িওৱা এই বিধেয়কখন ৷
দৰঙতো কেবৰ প্ৰতিবাদত ওলাই আহিল সহস্ৰাধিক লোক ৷ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূণ্যলৈ গুলীবৰ্ষণ কৰে ৷
লগতে পঢ়ক : আন্দোলনকাৰীক ৰোধিবলৈ অসমত জি পি সিং