ETV Bharat / state

Corruption in Sonari: ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোণাৰিত ৰাইজৰ প্ৰতিবাদ - ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোণাৰিত ৰাইজৰ প্ৰতিবাদ+

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সোণাৰিত ৰাইজৰ প্ৰতিবাদ (Protest against corrupt contractor in Sonari)। ঠিকাদাৰৰ ভুলৰ বাবে ১০ কোটি টকাৰ পথ এবছৰৰ ভিতৰতে জহি খহি যোৱাৰ অভিযোগ ৰাইজৰ । ঠিকাদাৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ।

Corruption in Sonari
ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোণাৰিত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Dec 24, 2021, 5:39 PM IST

মৰাণ, ২৪ ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতি দি আহিছে । ইতিমধ্যে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতিও গ্ৰহণ কৰা দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীক । কিন্তু তাৰ মাজতে একাংশ লোকে দুৰ্নীতি অব্যাহত ৰাখিছে ।

চৰকাৰী আঁচনিত কোটি কোটি টকাৰ লুণ্ঠন আৰু অনিয়ম আজিও চলি আছে । যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই । এইবাৰ পথ নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উঠিছে ।

ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোণাৰিত ৰাইজৰ প্ৰতিবাদ

চৰাইদেউ জিলাৰ গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ । ৰাইজে নিম্ন মানদণ্ডৰ পথ নিৰ্মাণৰ অভিযোগ তুলিছে ঠিকাদাৰৰ বিৰুদ্ধে । যাৰ বাবে চৰাইদেউ জিলাৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে (Protest against corruption in Sonari)। ৰাইজৰ অভিযোগ ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই এবছৰৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰিল ১০ কোটি টকীয়া পথ ।

উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ চিগনেচাৰ প্ৰজেক্টৰ অধীনত প্ৰায় দহ কোটি টকা ব্যয় সাপেক্ষে ঐতিহাসিক ধোদৰ আলি আৰু নাহৰ আলি সংযোগী হাতিপুখুৰী পথটো নিৰ্মাণ কৰা হৈছিল । কিন্তু পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে (Protest against corrupt contractor in Sonari)। পথটো নিৰ্মাণৰ ৬মাহ হোৱাৰ পাছতে অঞ্চল বিশেষে জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰে মেৰামতি কৰিছে যদিও পুনৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । সেয়ে প্ৰতিবাদৰ জৰিয়তে লুণ্ঠনকাৰী ঠিকাদাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.