মৰাণ, 20 মে’: "আমাৰ বিদ্যালয়খনৰ নামটোহে আদৰ্শ হৈ আছে ৷ বিদ্যালয়ৰ ভিতৰত সোমাই চালে আপোনালোকে দেখিব কদৰ্যময় পৰিৱেশ আৰু দুৰ্গন্ধময় পৰিৱেশৰ মাজত আমি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি থাকিব লগীয়া হৈছে ৷" বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰকাশ কৰে এই মন্তব্য (Poor condition of school) ৷
চৰাইদেউ জিলাৰ সোণাৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অবৰ্ণনীয় পৰিস্থিতি (Poor condition of Sonari Adarsha primary school) ৷ শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ এৰি ৰান্ধনীশালত পাঠদান কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীক ৷ বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাতেই পাঠদানৰ সমান্তৰালকৈ চলিছে মধ্যাহ্ন ভোজনৰ ৰন্ধন কাৰ্য (Poor Condition Of Education department) ৷
অভিযোগ অনুসৰি এই বিদ্যালয়খনত দীৰ্ঘদিন ধৰি চলি আহিছে এই পৰিস্থিতি ৷ বিদ্যালয়খনৰ কাষতে থকা প্ৰতিবেশীসকলে ঘৰৰ দেৱাল ভাঙি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ পানী বিদ্যালয়খনৰ ফালে এৰি দিয়ে ৷ ফলত দুৰ্গন্ধময় লেতেৰা পানীৰে ভৰি পৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ৷ সেই সময়ত বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি শিক্ষীৰ্থীসকল থাকিব নোৱাৰা হয় ৷ ইয়াৰ পূৰ্বে কেইবাবাৰো শিক্ষাৰ্থীসকলৰ অভিভাৱকে আহি শ্ৰেণীকোঠাসমূহ চাফা কৰি থৈ যায় ৷
ইফালে শেহতীয়াকৈ বৰষুণ হৈ থকাৰ ফলত এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাত পানী সোমোৱাত এতিয়া এনেদৰেই ৰান্ধনীশালত পাঠদান কৰিছে শিক্ষাৰ্থীসকলক ৷ আনহাতে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠদানত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ ৷ ইফালে বিদ্যালয়খনত গঢ়ি উঠা কদৰ্যময় পৰিৱেশৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়খনৰ পৰা লৈ যোৱা বুলিও জানিব পৰা গৈছে ৷
মন কৰিবলগীয়া যে, যি সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে সোণাৰি নগৰৰ মাজমজিয়াত থকা এখন আদৰ্শ বিদ্যালয়ত সৃষ্টি হোৱা এনে ধৰণৰ সমস্যাই চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ফোঁপোলা স্বৰূপটোকে উদঙাইছে ৷
লগতে পঢ়ক: Assam govt completed 2 years: দুটা বছৰ সম্পূৰ্ণ কৰা নিজৰ চৰকাৰখনক মুখ্যমন্ত্রীয়ে কিমান নম্বৰ দিলে