সোণাৰি,১১ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে শিক্ষিত যুৱক-যুৱতীকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে আগবঢ়ি আহিবলৈ আহ্বান জনাই আহিছে । সমান্তৰালভাৱে যুৱক-যুৱতীকসকলক আকৰ্ষিত কৰিবলৈ ঋণ দিয়াৰ কথাও ঘোষণা কৰিছে । ইমানৰ পাছতো চৰকাৰী চাকৰি বিচৰাৰ পৰিবৰ্তে স্ব-নিয়োজনৰ বাবে আগবাঢ়ি অহা লোকৰ সংখ্যা তেনেই নগন্য ।
ইয়াৰ পাছতেই কম সংখ্যকেহে ঘৰতে বহি নাথাকি নিজকে স্বাৱলম্বী কৰি কিবা এটা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ অনুৰূপভাৱে ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িছে চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাইৰ পৰিস্মিতা দত্ত নামৰ এগৰাকী উদ্য়মী যুৱতী । আজিৰ দিনত সকলোৰে বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে পৰিস্মিতা দত্ত । উচ্চ শিক্ষা সামৰি পৰিস্মিতা দত্তই যি নিজেই কিবা এটা কৰাৰ মানসেৰে, অযুত আশা আৰু সপোন বুকুত বান্ধি জৈৱিক পদ্ধতিৰে চাবোন(গা-ধোৱা) তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লৈ বৰ্তমান ঘৰতে চাবোন উৎপাদন কৰাত ব্যস্ত হৈ পৰিছে ।
সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে ঘৰতে তৈয়াৰী চাবোন ডেৰ বছৰে উৎপাদন কৰি আৰ্থিকভাৱে কিছু শক্তিশালী হৈ পুনৰ আৰম্ভ কৰিলে ঘৰতেই বিস্কুট তৈয়াৰ কৰা কাম । ইতিমধ্যে পৰিস্মিতাই নিৰ্মাণ কৰা Moon's Bakery & Varieties বেকাৰীৰ বিস্কুট চৰাইদেউ জিলাৰ প্ৰতিখন দোকানতেই উপলব্ধ । ঘৰতে ক্ষুদ্ৰ উদ্যোগ গঢ়ি স্ব-নিয়োজনৰ বাট মুকলি কৰি সোণাৰিৰ এইগৰাকী যুৱতী নতুন প্ৰজন্মৰ বাবে হৈ পৰিছে উৎসাহ আৰু সাহসৰ এক নাম । ভবিষ্যতে এটা ভাল বেকাৰী উদ্যোগ স্থাপনৰ লক্ষ্য ৰাখি কাম কৰি গৈছে সোণাৰিৰ চফ্ৰাই অঞ্চলৰ উচ্চ শিক্ষিত পৰিস্মিতা দত্তই । সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে ঘৰতে তৈয়াৰী চাবোন আৰু বেকাৰীৰ বিস্কুট তৈয়াৰ কৰা লাভ কৰিছে সমাদৰ ।