ETV Bharat / state

মণিপুৰ যাবলৈ এলাৰ্জি আছে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ : গৌৰৱ গগৈ - Press Meet

Bharat Jodo Nyay Yatra: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত চৰাইদেউ জিলা কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা ৷ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ অংশগ্ৰহণ ৷

Bharat Jodo Nyay Yatra
গৌৰৱ গগৈৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 9:08 PM IST

ৰাইদেউ জিলা কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

মৰাণ, 10 জানুৱাৰী : "ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ভয় খাইছে বিজেপি চৰকাৰে ৷ সেয়েহে এই যাত্ৰাত কেনেদৰে বাধা দিব পাৰি তাৰ চেষ্টা চলাইছে বিজেপি চৰকাৰে ৷ এইয়া অতি দুৰ্ভাগ্যজনক কথা ৷" এই মন্তব্য সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ৷ বুধবাৰে সোণাৰিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক বিশেষ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

সমাগত লোকসভা নিবাৰ্চনক লৈ বিৰোধী কংগ্ৰেছে ৰাইজৰ কাষলৈ দলটোক লৈ যোৱাৰ বাবে নতুন নতুন কাৰ্যসূচী হাতত লৈছে ৷ ভাৰত জোড়ো যাত্ৰাৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৷ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ৰূপায়ণ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৷

18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অসমত হবলগীয়া "ভাৰত জোড়ো ন্যায় যাত্ৰা"ৰ প্ৰস্তুতি সন্দৰ্ভত আজি চৰাইদেউ জিলা কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচীত পৰ্যালোচনাৰ বাবে চৰাইদেউৰ সোণাৰিত আজি উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ ৷ চৰাইদেউৰ সোণাৰিৰ ৰাজীৱ ভৱনত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সোণাৰিত সাংসদ গৌৰৱ গগৈয়ে সম্বোধন কৰে এক সংবাদমেল ৷

ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাত যাতে কংগ্ৰেছ দলৰ কৰ্মী সকলৰ ওপৰিও সমাজত থকা নিৰপেক্ষ শিক্ষক, খেতিয়ক, শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে কংগ্ৰেছ কৰ্মী সকলে ৰাইজক ঘৰে ঘৰে গৈ নিমন্ত্ৰণ জনাব বুলি সংবাদমেলত জানিবলৈ দিয়ে সাংসদ গৌৰৱ গগৈয়ে ৷ আনহাতে উত্তৰ পূৰ্বাঞ্চললৈ ৰাহুল গান্ধীৰ আগমণত বিজেপি চৰকাৰে ভয় খোৱাৰ লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক: দেশৰ বাজেটৰ 10 শতাংশ উত্তৰ-পূবৰ বাবে খৰচ কৰা হ’ব: জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.