ডিব্ৰুগড়, 7 ছেপ্টেম্বৰ : ১১ দিনত ভৰি দিলে কংগ্ৰেছৰ "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী ৷ উজনি অসমত চলা এই কাৰ্যসূচীৰ অংশ স্বৰূপে দুদিনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে চাইকেল চলোৱা ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ তাৰ পাচতে ভূপেন বৰাক সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ মন্ত্ৰী বিধায়কে ৷
তাৰ প্ৰত্যুত্তৰ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, ‘‘অসমত ৰাস্তা ভাল হৈছে, কিন্তু নাষ্টা বহুত বেয়া হৈছে ৷ যাৰ বাবে যিমান ভোগ লাগে সিমান খাব নোৱাৰে শ্ৰমিকে ৷ ভাতৰ লগত নিমখ খাব লগা হৈছে ৷ কাৰণ চাউল, পাচলিৰ আৰু ছিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বাবে ভাত কমকৈ খাব লগা হৈছে ৷ চৰকাৰে দিয়া উজ্জ্বলা ছিলিণ্ডাৰ এতিয়া নজ্বলা হৈছে ৷ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে উজ্জ্বলা ছিলিণ্ডাৰৰ ওপৰত ঘৰৰ বিভিন্ন সামগ্ৰী ৰাখিছে ৰাইজে ৷ সেয়ে আমি চৰকাৰ গঠন কৰিলে 500 টকাত ৰাইজক ছিলিণ্ডাৰ দিম ৷’’
‘‘বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ৷ বুধবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হিংৰিজান চাহ বাগিচা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অংশ গ্ৰহণৰ পাচতে বিজেপি চৰকাৰক সমালোচনা কৰে বৰাই ৷ উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে সাংসদ গৌৰৱ গগৈসহ কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা উপস্থিত আছিল ৷
আনহাতে সাংসদ গৌৰৱ গগৈয়ে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপিৰ দিনত মূল্যবৃদ্ধিৰ নামত, কেলেংকাৰীৰ নামত যিবোৰ হৈছে কংগ্ৰেছৰ দিনত সেয়া হোৱা নাছিল ৷ বিজেপি-এআইইউডিএফ ভাই ভাই বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, মামাই যি কয় দুদিন পিচত চাচাই একেটাকে কয় ৷ গতিকে ৰাইজে তেওঁলোকৰ চৰিত্ৰ বুজিবলৈ বাকী নাই ৷ আনহাতে ভাৰত বা ইণ্ডিয়াৰ নামক লৈ কোনোধৰণৰ অসন্তুষ্টি নাই বুলি মন্তব্য কৰে সাংসদজনে ৷
লগতে পঢ়ক: INDIA vs Bharat : ’INDIA’ ৰ ভূতে খেদিছে দেশৰ প্ৰধানমন্ত্ৰীক, বিৰোধী দলপতি