ETV Bharat / state

Sankardev Sangha Samaroh : গুৰুজনাই দি থৈ যোৱা অমৃতপান কৰি অসমীয়া জাতি সঞ্জীৱিত হৈ আছে : মন্ত্ৰী কেশৱ মহন্ত - Sankardev sangha Samaroh at Sapekhati

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ আজি অন্তিমটো দিন (Sankardev Sangha Samaroh at Sapekhati)৷ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত ৷

Sankardev Sangha Samaroh at Sapekhati
গুৰুজনাই দি থৈ যোৱা অমৃতপান কৰি অসমীয়া জাতি সঞ্জীৱিত হৈ আছে : মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : Nov 6, 2022, 1:30 PM IST

ডিব্ৰুগড়, 6 নৱেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত বৰেণ্য অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ । উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ । চৰাইদেউ জিলাৰ সাপেখাতীত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ কাৰ্যসূচী (Sankardev Sangha Samaroh at Sapekhati)।

হৰিনামৰ ৰসত বুৰ গৈছে সাপেখাতী । সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ভক্তৰ সমাৱেশেৰে অনুষ্ঠিত হৈছে এই সমাৰোহ । এই সমাৰোহে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে সোণাৰিৰ সাপেখাতী (Srimanta Sankaradeva Sangha conference)।

গুৰুজনাই দি থৈ যোৱা অমৃতপান কৰি অসমীয়া জাতি সঞ্জীৱিত হৈ আছে : মন্ত্ৰী কেশৱ মহন্ত

শনিবাৰে নিশা অধিৱেশনস্থলীত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত । সাপেখাতীত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা অক্ষয় ভাণ্ডাৰৰ অমৃতপান কৰি অসমীয়া জাতি আজিও সঞ্জীৱিত হৈ আছে বুলি নিজৰ ভাষণত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে (Minister Keshab Mahanta at Sapekhati)।

সাপেখাতীৰ শিৱপ্ৰসাদ বৰুৱা আৰু সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সমাৰোহস্থলীত ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত আছিল ।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Sankardev sangha Samaroh at Sapekhati) ৷ এই সমাৰোহৰ মুখ্য তোৰণ উন্মোচনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

লগতে পঢ়ক : Sankardev Sangha Samaroh: সাপেখাতীত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু-যুৱ আৰু আই মাতৃ সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.