মৰাণ, 16মে’: ৰাজ্যৰ বিভিন্ন জিলা সমূহৰ দৰে চৰাইদেউ জিলাতো ক্ৰমাৎ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । যোগেন মহনে কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাছতেই দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷
মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত থকা ক'ভিড ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্থ্য কর্মী সকলৰ সৈতে চিকিৎসালয় খনৰ আন্তঃগাঁঠনিৰ সৰ্ম্পকে পৰ্যালোচনা কৰে ৷
উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খন ভ্ৰমণ কৰি ক'ভিড ৰোগী সকলে যাতে সকলো সুবিধা লাভ কৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ চিকিৎসক আৰু বিষয়া সকলক নিৰ্দেশ দিয়ে । চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ লগত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ বিষয়ববীয়া উপস্থিত থাকে ।
লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই