ETV Bharat / state

ঐক্যবদ্ধভাৱে 2024 ৰ নিৰ্বাচনত অৱৰ্তীণ হ’ব বিজেপি মিত্ৰজোঁট: যোগেন মহন - অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত

নিৰ্বাচনত অকলে যুঁজিবলৈ শক্তি আমাৰো আছে, হাইকমাণ্ডে নিৰ্দেশ নিদিয়া পৰ্যন্ত মিত্ৰতা চলি থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

Minister Jogen Mohan comments on alliance with AGP and UPPL
লোকসভা নিৰ্বাচনলোকসভা নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:08 AM IST

Updated : Dec 12, 2023, 9:38 AM IST

মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী যোগেন মহন

ডিব্ৰুগড়, 12 ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সাংগঠনিক তৎপৰতা । ইয়াৰ মাজতেই বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্যৰ দলসমূহে কেনেদৰে আৰু কোন দলে কিমান আসনত নিৰ্বাচন খেলিব তাক লৈ চৰ্চা চলি থকাৰ মাজতেই শাসক দল বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অসম গণ পৰিষদ আৰু UPPL ৰ মাজত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ আসনৰ কিছু নিমিলা অংক । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা দিনৰ পূৰ্বে স্পষ্ট কৰি দিছে বিজেপিৰ মিত্ৰদলৰ আসন সন্দৰ্ভত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ।

অসম গণ পৰিষদে বিচৰা ধৰণেৰে লোকসভা আসনৰ ক্ষেত্ৰত সিদ্ধান্ত নহ'লে অগপৰ ৰাজনৈতিক কৌশল বেলেগ হ'ব বুলি দেওবাৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই স্পষ্ট কৰি দিছে । সমগ্ৰ দেশতে আগ্ৰাসী ৰূপত থকা বিজেপিয়ে মিত্ৰজোঁটত থকা অগপ আৰু UPPL দলক কেনেদৰে সন্তুষ্ট কৰে সেয়া সময়ত হ’ব লক্ষণীয় বিষয় ।

চৰাইদেউৰ মৰাণহাটত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ বিজেপি নেতা কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে লোকসভাৰ নিৰ্বাচনৰ বাবে মিত্ৰতা কেন্দ্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব । মহনে পুনৰ কয়, " অসম গণ পৰিষদ আৰু UPPLৰ লগত মিত্ৰতা একেই থাকিব । লোকসভা নিৰ্বাচন মিত্ৰতাৰে আগুৱাই লৈ যোৱা হ’ব । কোনো ধৰণৰ মিত্ৰজোঁটক লৈ আলোচনা হোৱা নাই । নিৰ্বাচনত অকলে যুঁজিবলৈ শক্তি আমাৰো আছে, হাইকমাণ্ডে নিৰ্দেশ নিদিয়া পৰ্যন্ত মিত্ৰতা চলি থাকিব ৷"

লগতে পঢ়ক: নগাঁও লোকসভা সমষ্টিক লৈ এশ এবুৰি চিন্তা মন্ত্ৰী পীযুষ হাজৰীকাৰ

Last Updated : Dec 12, 2023, 9:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.