চৰাইদেেউ,২৪ আগষ্ট: চৰাইদেউ জিলাৰ সোণাৰিত অস্ত্ৰৰ ঝনঝননি । বুধবাৰে পুৱা আৰক্ষীয়ে সোণাৰিত এটা হস্ত নিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ কৰে এজন অৰুণাচলী যুৱকক(Man of arunachal arrested) । পুৱাৰভাগত সোণাৰি আৰক্ষীয়ে সোণাৰি বাছ আস্থানত এটি হস্ত নিৰ্মিত বন্দুকসহ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ ৱাকা আৰক্ষী থানাৰ কাইময়ৰ বাসিন্দা পানমাই ৱাংছাক গ্ৰেপ্তাৰ কৰে ।
যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । যুৱকজনে কি কাৰণত অৰুণাচলৰ পৰা হস্ত নিৰ্মিত বন্দুকসহ সোণাৰিলৈ আহিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমাত প্ৰায়েই আৰক্ষীৰ জালত পৰে অস্ত্ৰ সৰবৰাহকাৰী ।
হস্ত নিৰ্মিত বন্দুকটো কোনো লোকক বিক্ৰী কৰিবলৈ অনা বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু সচেতন লোকে । আৰক্ষীৰ তদন্তত হে প্ৰকৃত কাৰণ জানিব পৰা যাব ।
লগতে পঢ়ক: অসমত সৰ্প দংশনৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ স্বাস্থ্য বিভাগ