ETV Bharat / state

Veerangana Mulagavaru Award: লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ল বীৰাংগনা মূলাগাভৰু বঁটা

author img

By

Published : May 1, 2023, 12:24 PM IST

লাভলীনা বৰগোহাঁইক চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ'ল বীৰাংগনা মূলাগাভৰু বঁটা ৷ টাই আহোম যুৱ পৰিষদ, টাইপাই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাটি লাভলীনা বৰগোঁহাইয়ে গ্ৰহণ কৰে (Veerangana Mulagavaru Award to Lovlina Borgohain) ৷

Veerangana Mulagavaru Award
বীৰাংগনা মূলাগাভৰু বঁটা
লাভলীনা বৰগোহাঁইক প্ৰদান বীৰাংগনা মূলাগাভৰু বঁটা

মৰাণ, 1 মে’: অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ'ল বীৰাংগনা মূলাগাভৰু বঁটা ৷ টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাটি লাভলীনা বৰগোঁহাইয়ে গ্ৰহণ কৰে (Veerangana Mulagavaru Award to Lovlina Borgohain) ৷

দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি দেওবাৰে বাৰেৰহনীয়া বৰ্ণিল সাংস্কৃতিক সাংস্কৃতিক শোভাযাত্ৰা সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বাহিৰ কৰা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ টাই আহোম জনগোষ্ঠীয় সাংস্কৃতিক দল, বিহু, ঝুমুৰ, মিচিং, নেপালী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ সমাহাৰেৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটো সোণাৰি নগৰৰ মাজেদি পৰিভ্ৰমণ কৰি সমাপ্ত হয় ৷ লগতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেতা নয়ন নিলীমে (Veerangana Mulagavaru Award) ৷

সাংস্কৃতিক শোভাযাত্ৰাৰ পাচতেই বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ হয় ৷ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে আৰম্ভণি ভাষণত টাই আহোম জনগোষ্ঠীৰ একাধিক ৰমণীয়ে বিভিন্ন সময়ত দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিয়াৰ উদাহৰণ থকা বুলি উনুকিয়াই, দেশপ্ৰেমৰ এনে উদাহৰণে আহোম ৰমণী তথা মহিলাক যুগে যুগে মহীয়সী কৰা বুলি কয় ৷ তেনে এগৰাকী আহোম ৰমণী মূলাগাভৰুৱে যুদ্ধৰ সাজ পিন্ধি ৰণ কৰাতো এক বিৰল ঘটনা আছিল আৰু সেই বীৰাংগনা মূলাগাভৰুৰ স্মৃতিতে টাই আহোম যুৱ পৰিষদে বিগত নটাকৈ বছৰে অসমীয়া সমাজৰ বাবে বিশেষ অৰিহণা আগবঢ়োৱা একোগৰাকী মহিলাক মূলাগাভৰুৰ স্মৃতিত বীৰাংগনা বঁটা প্ৰদান কৰা বুলি সভাপতি বিজয় ৰাজকোঁৱৰে কয় (Lovlina Borgohain) ৷

উল্লেখ্য যে, এই অনুষ্ঠানতে লাভলীনা বৰগোঁহাইক আহোম ৰমণীৰ সাজ পৰিধান কৰোৱাই হাতত হেংদাং তুলি দি সন্মানীয় বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত আছে বীৰাংগনা মূলাগাভৰুৰ এক স্মাৰক, মানপত্ৰ আৰু নগদ ত্ৰিশ হাজাৰ টকা ৷ বঁটা গ্ৰহণ কৰি যুৱ ক্ৰীড়াবিদ তথা অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে কয় যে অসমবাসীৰ আশীৰ্বাদ, উৎসাহ আৰু প্ৰেৰণাই পদক বিজয়ৰ গুৰুত্বপূৰ্ণ কাৰক আছিল ৷ অনাগত সময়তো অসম আৰু অসমীয়া জাতিৰ হকে কাম কৰি যাব বুলি কয় লাভলীনা বৰগোঁহাইয়ে ৷

এই বঁটা প্ৰদান অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ , টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ ,সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই , অভিনেতা নয়ন নীলিম , কন্ঠশিল্পী জ্যোতিমালা বৰগোহাঁই , লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন্দ্ৰ জিৎ বৰগোহাঁই , মাতৃ মামনি বৰগোহাঁই , বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক কমল জ্যোতি গগৈ , টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক: Achurya Borpatra abused : ডিব্ৰুগড়ৰ এক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.