ETV Bharat / state

Illegal stone mining: চৰাইদেউৰ বৰহাটত অবৈধ শিল খনন - শিলৰ অবৈধ খনন চলি থকাৰ অভিযোগ

অসমৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাত অব্যাহত আছে শিলৰ অবৈধ খনন (Illegal stone mining at Charaideo)। বন বিভাগৰ লোকৰ ছত্ৰছায়াত জিলাখনত শিলৰ অবৈধ খনন চলি থকাৰ অভিযোগ স্থানীয় লোক আৰু সংগঠনৰ ।

Illegal stone mining
চৰাইদেউৰ বৰহাটত অবৈধ শিল খনন
author img

By

Published : Dec 25, 2021, 8:52 PM IST

মৰাণ,২৫ ডিচেম্বৰ : ৰাজ্যত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে বিভিন্ন সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ নিৰ্দেশনাও জাৰি কৰিছে ৰাজ্য চৰকাৰে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এনে কঠোৰ স্থিতিৰ মাজতো ৰাজ্যত একাংশ দুষ্টচক্ৰই অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে । বিভিন্ন স্থানত পাহাৰ ধ্বংসৰ লগতে একাংশ লোকে অবৈধ শিল খননত জড়িত হোৱা দেখা গৈছে ।

বন বিভাগৰ চকুৰ সন্মুখতে এনে কাৰ্যকলাপ অসমৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো অব্যাহত আছে । অভিযোগ অনুসৰি বন বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি একাংশ শিল মাফিয়াই চৰাইদেউ জিলাত অবাধে চলাইছে শিলৰ ৰমৰমীয়া বেহা (Illegal stone mining at Charaideo)। বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাণবাৰী আৰু দিল্লীঘাটত নীতি বহিৰ্ভূতভাৱে দিনে-নিশাই চলিছে শিল খনন কাৰ্য ।

চৰাইদেউৰ বৰহাটত অবৈধ শিল খনন

পাণবাৰী খণ্ড বন বিষয়াৰ অধীনস্থ পাণবাৰী অঞ্চলত একাংশ অনুজ্ঞাপত্ৰহীন শিল মাফিয়াই এক্সেভেটৰ ব্যৱহাৰ কৰি দৈনিক শতাধিক ডাম্পাৰেৰে শিলৰ সৰবৰাহ অব্যাহত ৰাখিছে । আনহাতে দিল্লীঘাট খণ্ড বন বিভাগৰ অধীনস্থ দিল্লীঘাট দলঙৰ মাত্ৰ দুশ মিটাৰ আঁতৰত নদীৰ বুকুতো অব্যাহত আছে শিলৰ অবৈধ খনন । ফলত অঞ্চলটোলৈ নামি আহিছে অশনি সংকেত ।

যাৰ বাবে চিন্তিত হৈছে সচেতন মহল । সচেতন মহলৰ প্ৰশ্ন বন আইন উলংঘা কৰি এনেদৰে শিলৰ অবৈধ খনন অব্যাহত ৰখা শিল মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে প্ৰশাসনে ? শিল মাফিয়াৰ লগত গোপন মিতিৰালি কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Four arrested with fake gold : নকল সোণৰ লেন-দেনেৰে ৰঙাঘৰৰ আলহী চাৰিগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.