ETV Bharat / state

চৰাইদেউত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : May 29, 2021, 9:31 AM IST

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ সাংবাদিক সকলৰ সৈতে মুখামুখিৰ সময়ত তেওঁ সভাত পৰ্যালোচনা হোৱা ক’ভিড নিয়ন্ত্ৰণৰ দিশ সমূহ উল্লেখ কৰে ৷

Health Minister Keshab Manhant visited Charaideo district to understand Covid Situation
চৰাইদেউৰ ক'ভিড পৰিস্থিতি বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

মৰাণ, 29 মে’: শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰাইদেউ জিলা পৰিভ্ৰমণ কৰি জিলাখনৰ ক'ভিড পৰিস্থিতি বুজ লয় । মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ জড়িয়তে জিলাখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভতো পৰ্যালোচনা কৰে । এই বৈঠকতে তেওঁ চৰাইদেউ জিলা চিকিৎসালয়ত নিৰ্মীয়মান আই চি ইউৰ বুজ লয় মন্ত্ৰী ৷ ইয়াৰ পিচতেই সাংবাদিকৰ সৈতে হোৱা মুখামুখিত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী জনে বিশটা আইচিইউ নিৰ্মাণ, দুশখন বিচনাযুক্ত এখন হাস্পতাল নিৰ্মাণৰ লগতে শীঘ্ৰেই চৰাইদেউত ক'ভিড ভেকচিনৰ ষ্টোৰেজৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অৱগত কৰে ৷

আনহাতে, ক’ভিড নিয়ন্ত্ৰণৰ উপৰত মন্তব্য কৰি তেওঁ সমগ্ৰ জিলাখনত থকা ক’ভিড কেয়াৰ কেন্দ্ৰ সমূহৰ লগতে ক’ভিডৰ চিকিৎসা চলি থকা হাস্পাতাল সমূহৰ ওপৰত বৈঠক খনত পৰ্যালোচনা হোৱাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে,সমগ্ৰ চৰাইদেউ জিলাখনত যথেষ্ট পৰিমাণৰ চাহ বাগিছা থকাৰ পৰিপ্ৰেক্ষিতত বাগিছা সমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি কয় যে, স্বাস্থ্য বিভাগৰ কৰ্মী সকলৰ পৰা আৰম্ভ কৰি বিষয়া বৰ্গ, জিলাৰ প্ৰশাসনিক বিষয়া সকলৰ লগতে সাংসদ, বিধায়কৰ পৰা মন্ত্ৰী পৰ্যায়লৈকে সকলোৰে সক্ৰিয় অংশগ্ৰহণ বাহাল থাকিব ৷

স্বাস্থ্যমন্ত্ৰীজনৰ চৰাইদেউ জিলা পৰিভ্ৰমণ কালত তেওঁৰ সৈতে সাংসদ তপন কুমাৰ গগৈ, ৰাজহমন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক গৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকলো উপস্থিত থাকে ।

লগতে পঢ়ক :স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.