ETV Bharat / state

নিজ ভাতৃ-ভগ্নীক গুলীয়াই হত্যাৰ ভাবুকি প্ৰাক্তন বিধায়িকাৰ পুত্ৰৰ - EX MLA son threatened his family

সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈৰ গুণ্ডাগিৰি (Gundagiri of Ex MLA Nabanita Handiques son)৷ কৰণজ্যোতি সন্দিকৈয়ে নিজা বৰদেউতাৰ কন্যা তথা কৰণৰ ভগ্নী ৰুচিকা সন্দিকৈ (২৮) আৰু বৰদেউতাকৰে একমাত্ৰ পুত্ৰ অভিজ্ঞান সন্দিকৈক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ ৷

Gundagiri of Ex MLA Nabanita Handiques son at Sonari
নিজ ভাতৃ-ভগ্নীক গুলীয়াই হত্যাৰ ভাবুকি প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ
author img

By

Published : Sep 2, 2022, 9:28 PM IST

সোণাৰি, 2 ছেপ্টেম্বৰ: সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈৰ গুণ্ডাগিৰি (Gundagiri of Ex MLA Nabanita Handiques son)৷ কৰণজ্যোতি সন্দিকৈয়ে নিজা বৰদেউতাৰ কন্যা তথা কৰণৰ ভগ্নী ৰুচিকা সন্দিকৈ (২৮) আৰু বৰদেউতাকৰে একমাত্ৰ পুত্ৰ অভিজ্ঞান সন্দিকৈক বন্দুকেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (EX MLA son threatened his family)৷

নিজ ভাতৃ-ভগ্নীক গুলীয়াই হত্যাৰ ভাবুকি প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ

বুধবাৰে দুপৰীয়া তেওঁলোকৰ নিজা চাহ ফেক্টৰীতে সামান্য বাক-বিতণ্ডাৰ সৃষ্টি হয় কৰণ আৰু ভগ্নী ৰুচিকাৰ মাজত ৷ এই বাক-বিতণ্ডাতে ক্ষান্ত নাথাকি ভগ্নী ৰুচিকাক মাৰপিট কৰাৰ লগতে অশ্লীল গালি গালাজ কৰে ৷

লিখিত এজাহাৰ
লিখিত এজাহাৰ

ইফালে ৰুচিকাক প্ৰহাৰ কৰা দেখি ৰুচিকাৰ একমাত্ৰ ভাতৃ অভিজ্ঞানে বাধা প্ৰদান কৰাত খঙত অগ্নিশৰ্মা কৰণে দুয়োকে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে ৷ লগতে পৰিয়ালটিক উলংগ কৰি পথৰ ভিক্ষাৰী কৰাৰো ভাবুকি প্ৰদান কৰে ৷ যাৰ ফলত শংকিত হৈ পৰিছে পৰিয়ালটো ৷

পৰিয়ালটোৰ ভাষ্য অনুসৰি দুয়োটা পৰিয়ালৰ মাজৰ বিগত দীৰ্ঘদিন ধৰি বাক-বিতণ্ডা চলি অহাৰ লগতে ন্যায়ালয়ত ভূমি সম্পৰ্কীয় এটা গোচৰত বিচৰাধীন হৈ আছিল ৷ ৰুচিকাই সাপেখাতী আৰক্ষী থানাত আজিৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰি এক এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: Jonai mob lynching case: গোলাপ বৰুৱাৰ গণহত্যাত জড়িত থকাৰ সন্দেহত আৰু এজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.