মৰাণ, 4 মাৰ্চ : সোণাৰিত অঘটন ৷ আজি অৰ্থাৎ শুকুৰবাৰে পুৱাই সোণাৰিৰ টাওকাকস্থিত ১৪৯ নং চি আৰ পি এফ কেম্পৰ গুদাম ঘৰত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা (Fire at no 149 CRPF camp at Sonari) । এই অগ্নিকাণ্ডত জাহ যায় বহু সা-সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰও ৷
ইফালে নিমিষতে জুই লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো (Fire breaks out at Sonari) ৷ খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিব সক্ষম হয় যদিও নষ্ট হয় চি আৰ পি এফৰ বহু সা-সামগ্ৰী । চি আৰ পি এফৰ বাহিনীৰ লোকৰ সন্দেহ, বৈদ্যুতিক বিজুতিৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷
আনহাতে, শুকুৰবাৰে পুৱাই শিৱসাগৰৰ ভটিয়াপাৰতো সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা ৷ হঠাৎ শিৱসাগৰৰ ৰাজপথত জ্বলি উঠে এখন বিলাসী বাহন ৷ সেই সময়ত বাহনখনত আছিল চালক নৱজ্যোতি দত্ত ৷ সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে গাড়ীখনৰ চালক নৱজ্যোতি ৷
চালক নৱজ্যোতি দত্তই উল্লেখ কৰা অনুসৰি, আজি অৰ্থাৎ শুকুৰবাৰে পুৱা দত্তই জামুগুৰিৰ পৰা শিৱসাগৰ নগৰ অভিমুখে আহি আছিল । তেনে অৱস্থাতে ভটিয়াপাৰৰ সমীপত এজন পথাচাৰীয়ে দত্তক গাড়ীৰ তললৈ দেখুৱাই এক ইংগিত দিয়ে । প্ৰথমতে দত্তই বিশেষ গুৰুত্ব দিয়া নাছিল যদিও অকস্মাৎ দেখা পাই গাড়ীৰ বনেটত জুই ।
তাৰ পাচতেই ততাতৈয়াকৈ তেওঁ গাড়ী ভটিয়াপাৰত ৰখাই নামে যদিও ইতিমধ্যে জুইয়ে আৱৰি ধৰে গোটেই গাড়ীখন (Fire hits running car on road in Sivasagar) । ভটিয়াপাৰত থকা অ’এনজিচি ৰীগৰ পৰা জুই নিৰ্বাপন কৰা সামগ্ৰীৰে জুই নোমোৱাবলৈ চেষ্টা কৰে যদিও জুই নুমোৱাত বিফল হয় নৱজ্যোতি ৷ পৰৱৰ্তী সময়ত অঞ্চলটোৰ ৰাইজে খবৰ দিয়ে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীক ৷
অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জ্বলি শেষ হৈ যায় বিলাসী বাহনখন । বাহনখনৰ গৰাকী নৱজ্যোতি দত্তই সদৰি কৰা অনুসৰি, মাত্ৰ এবছৰ পুৰণি আছিল বাহনখন ৷ বাহনখনত নাছিল কোনো যান্ত্ৰিক বিজুতি ৷ কিন্তু কি কাৰণত বাহনখনত জুইৰ সূত্ৰপাত হ'ল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক : Massive fire in Noonmati : এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত