ETV Bharat / state

বিজেপিত যোগদান চৰাইদেউৰ ৰাইজৰ দলৰ সভাপতিৰ

author img

By

Published : Mar 25, 2021, 9:44 PM IST

ৰাইজৰ দল এৰি বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিলে চৰাইদেউৰ ৰাইজৰ দলৰ সভাপতি মনদীপ মহনে । বৃহস্পতিবাৰে মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মনদীপ মহনে বিজেপিত যোগদান কৰে ।

বিজেপিত যোগদান চৰাইদেউ জিলাৰ ৰাইজৰ দলৰ সভাপতি মনদীপ মহনে

মৰাণ,২৫ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত চৰাইদেউত ৰাইজৰ দলত খহনীয়া । নিৰ্বাচনৰ সময়ত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হোৱাৰ পৰিৱৰ্তে আঞ্চলিক ৰাজনৈতিক দলত দলত্যাগৰ ঢৌ উঠিছে । জন্ম লগ্নৰে পৰা দলৰ সৈতে জড়িত হৈ থকা ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মনদীপ মহনে হঠাতে বৃহস্পতিবাৰে দল ত্যাগ কৰে । বৃহস্পতিবাৰে মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মনদীপ মহনে বিজেপিত যোগদান কৰে ।

মনদীপ মহনক উষ্ম আদৰণি জনাই বিজেপিৰ চৰাইদেউ জিলাৰ কৰ্মীসকলে । আনহাতে, মনদীপ মহনে কিয় নিৰ্বাচনৰ আগমুহুৰ্তত আঞ্চলিক দলত্যাগ কৰি বিজেপিত যোগ দিলে সেইটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: ২৮ টা সমষ্টিত যুঁজ দিব ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.