ETV Bharat / state

UNESCO World Heritage Site: বিশ্ব মানচিত্ৰত জিলিকিব চৰাইদেউ মৈদাম, চৰাইদেউবাসীৰ মনত উলাহৰ ধল - Janhwij Sharma ADG of Archeological Survey

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম ক্ষেত্ৰই । অলপো আসোঁৱাহ নোহোৱাকৈ ইউনেস্ক'ত গ্ৰহণ কৰা হ'ল চৰাইদেউ মৈদামৰ মনোনোয়ন (Charideo Maidam nominated for UNESCO) । ইউনেস্কোৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ । ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে চৰাইদেউবাসী ।

Charideo Maidam nominated for UNESCO
বিশ্ব মানচিত্ৰত জিলিকিব চৰাইদেউ মৈদাম, চৰাইদেউবাসীৰ মনত উলাহৰ ধল
author img

By

Published : Mar 5, 2023, 1:41 PM IST

বিশ্ব মানচিত্ৰত জিলিকিব চৰাইদেউ মৈদাম, চৰাইদেউবাসীৰ মনত উলাহৰ ধল

চৰাইদেউ, ৫ মাৰ্চ: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইউনেস্ক'ত গ্ৰহণ কৰা হ'ল চৰাইদেউ মৈদামৰ মনোনোয়ন (World Heritage Site status to Charaideo maidam) । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই (Charideo Maidam nominated for UNESCO) । পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব । এই সন্দৰ্ভত ইউনেস্কোৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ ।

উল্লেখ্য যে, চৰাইদেউৰ স্থায়ী বাসিন্দা তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত অসম চৰকাৰৰ বিশেষ উদ্যোগত ভাৰত চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল চৰাইদেউ মৈদামৰ মনোনয়ন পত্ৰ । কেন্দ্ৰীয় প্ৰত্নতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কিষাণচন্দ ন'ৰিয়েলৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছিল চৰাইদেউ মৈদামৰ ড'চিয়াৰ । ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম (Charaideo Maidam) ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল ।

ইফালে চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ভাৰত চৰকাৰে ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰাৰ পিচত কেইটামান দিনৰ পূৰ্বে প্ৰথম বাৰৰ বাবে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধান জাহ্নৱীজ শৰ্মাই (Janhwij Sharma ADG of Archeological Survey of India) ৷

চৰাইদেউ জিলাৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইউনেস্কোলৈ প্ৰেৰণ কৰা ড’চিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছিল । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন । ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পা;তেই এইদৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধানে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক । এতিয়া চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশত আগবঢ়ি যোৱাত উৎফুল্লিত চৰাইদেউৰ ৰাইজ ।

লগতে পঢ়ক: Sexual Harresment case in Sivasagar : শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.