ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ ফলাফলত স্থান প্ৰাপ্ত প্ৰিয়াংশুক চৰাইদেউ জিলা প্ৰশাসনৰ সম্বৰ্ধনা - উচ্চতৰ মাধ্যমিকৰ ফলাফল

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ঠাইত জনোৱা হৈছে সম্বৰ্ধনা। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্য়োগতো অনুষ্ঠিত হৈছে সম্বৰ্ধনা অনুষ্ঠান (Charaideo district administration felicities HS rank holder)। মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত দশম স্থান প্ৰাপক প্ৰিয়াংশু দাসক সম্বৰ্ধনা জনালে চৰাইদেউ জিলা প্ৰশাসনে।

charaideo
HS result 2022 :চৰাইদেউ জিলা প্ৰশাসনৰ সম্বৰ্ধনা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দশম স্থান প্ৰাপ্তক
author img

By

Published : Jun 30, 2022, 1:51 PM IST

মৰাণ,৩০ জুন:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে এতিয়া ৰাজ্য়ৰ বিভিন্ন ঠাইত সুখ্য়াতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনোৱা হৈছে সম্বৰ্ধনা । ৰাজ্য়ৰ আন ঠাইৰ লগতে চৰাইদেউ জিলা প্ৰশাসনেও জনাইছে আনুষ্ঠানিক সম্বৰ্ধনা । ইয়াৰে অংশ ৰূপে সোণাৰিৰ কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত অসমৰ ভিতৰতে দশম স্থান দখল কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা প্ৰিয়াংশু দাসক বুধবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় (Charaideo district administration felicities HS rank holder Priyanshu Das)।

charaideo
HS result 2022 :চৰাইদেউ জিলা প্ৰশাসনৰ সম্বৰ্ধনা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দশম স্থান প্ৰাপ্তক

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান । উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু উপায়ুক্ত পল বৰুৱাই কৃতী ছাত্ৰ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জানিব পৰা গৈছে (Minister Jogen Mahan,Sonari MLA Dharmeshwar Konwar was present)।

এই অনুষ্ঠানটোতে অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী, মাহমৰা, সাপেখাতী আৰু সোণাৰিৰ ৰাজহ চক্ৰ বিষয়াসকল ক্ৰমে ইণ্ডিকা গগৈ, ডাঃ অনামিকা গগৈ আৰু চৈতালী ৰাণী দত্ত, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰিৰ কৰ্মাচ কলেজৰ অধ্যক্ষ ডঃ বিপুল দে আৰু সমাজ কৰ্মী মণ্টু কোঁৱৰৰ লগতে ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

লগতে পঢ়ক:HS result 2022 : উপায়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড়ৰ পাঁচগৰাকী কৃৰ্তী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.