ETV Bharat / state

কণ্টেইনমেন্ট জ'নৰ বাসিন্দালৈ বৰহাট প্ৰেছ ক্লাৱৰ সহায়ৰ হাত - borhat press club extends help for the people of containment zone

বৰহাট প্ৰেছ ক্লাৱে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ । মিছাজান গাঁৱৰ কন্টেইনমেন্ট জ'নত আৱদ্ধ হৈ থকা ২৭টা পৰিয়ালক আলু, দাইল, আটা, বিস্কুট, চাবোন, নিমখৰ লগতে অত্যাৱশকীয় সামগ্ৰী আদি যোগান ধৰে প্ৰেছ ক্লাৱে ৷

Charaideo
কণ্টেইনমেন্ট জ'নৰ বাসিন্দাক বৰহাট প্ৰেছ ক্লাৱৰ সহায়
author img

By

Published : Jun 6, 2021, 9:31 PM IST

মৰাণ, ৬ জুন : ৰাজ্যত কৰ'ণা ভাইৰাছৰ(corona virus) আতংক এতিয়াও অব্যাহত আছে । বিভিন্ন জিলাৰ লগতে চৰাইদেউ জিলাৰ বহু স্থানত এতিয়াও কৰ'ণাৰ সংক্ৰমণ হৈ আছে । বিশেষকৈ বৰহাট অঞ্চলটোত প্ৰায় ১০০ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

তাৰ ভিতৰত মিছাজানৰ ১৮ জন লোক আক্ৰান্ত হৈছে কৰ'ণাত । গাঁওখনৰ কেইবাজনো লোক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । মিছাজান গাঁৱৰ ২৭ টাকৈ পৰিয়াল হোম কোৱাৰেন্টাইন(home quarantine) হৈ আছে । কেৱল এইয়ে নহয় চৰাইদেউ জিলা প্ৰশাসনে বৰহাটৰ লগত সংযোগী এটা গুৰুত্বপূৰ্ণ পথ বন্ধ কৰি দিয়াৰ লগতে পথটো বন্ধ কৰি কণ্টেইনমেন্ট জ'ন(containment zone) হিচাপে ঘোষণা কৰিছে ।

Charaideo
কণ্টেইনমেন্ট জ'নৰ বাসিন্দাক বৰহাট প্ৰেছ ক্লাৱৰ সহায়

এনে পৰিপ্ৰেক্ষিতত বৰহাট প্ৰেছ ক্লাৱে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ । প্ৰেছ ক্লাৱৰ উদ্যোগত সম্পাদক ৰুস্তম গগৈ, সহঃ সম্পাদক সুৰেণ বুঢ়াগোহাঁই, কাৰ্যনিৰ্বাহক গোবিন দাস, জিণ্টু পালে মিছাজান গাঁৱৰ কন্টেইনমেন্ট জ'নত আৱদ্ধ হৈ থকা ২৭টা পৰিয়ালক আলু, দাইল, আটা, বিস্কুট, চাবোন, নিমখৰ লগতে অত্যাৱশকীয় সামগ্ৰী আদি যোগান ধৰে ।‌

লগতে পঢ়ক:বৰপেটাত আৰক্ষীৰ বেহু ফালি পলাল ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.