মৰাণ,১৪ মাৰ্চ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ৰাজনৈতিক ৰণকৌশলৰ লগতে কুচ-কাৱাজ ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ইখনৰ পিছত সিখন বিশাল নিৰ্বাচনী সভা ৷ ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷ ইয়াৰ অংশ হিচাপে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিতো দেখা গ’ল ইয়াৰ প্ৰতিফলন ৷
![মাহমৰাত বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8024to8028-bjpmembersjoinedincongressatmahmora-as10031_14032021142742_1403f_1615712262_34.jpg)
কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই দলীয় ভেঁটি সুদৃঢ় কৰিবলৈ ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি ভোট আদায়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে । সেই উদ্দেশ্যৰেই দেওবাৰে মাহমৰাৰ বহু কেইজন সক্ৰিয় বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে । দেওবাৰেই সমষ্টিতোৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ বাসগৃহত কংগ্ৰেছ দলত যোগদান কৰে কংগ্ৰেছৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগদান কৰে বহু কেইগৰাকী বিজেপি, অগপ কৰ্মী ।
![হাতী আৰু পদুম এৰিলে একাংশ সক্ৰিয় কৰ্মীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8024to8028-bjpmembersjoinedincongressatmahmora-as10031_14032021142742_1403f_1615712262_474.jpg)
১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ ৬৩ নং বুথৰ বিজেপিৰ সভাপতি ভাস্কৰ খনিকৰৰ লগতে ৰুবুল চাংমাই, দীপেন কোঁৱৰ, ৬৪ নং বুথৰ বিজেপিৰ সক্ৰিয় কৰ্মী মনহৰি গড়, ৬১ নং বুথৰ অসম গণ পৰিষদৰ সক্ৰিয় যুৱক ঋতুৰাজ চুতীয়া আৰু দ্বীপজ্যোতি চুতীয়াৰ লগতে বহু কেইজন বিজেপি, অগপ কৰ্মীয়ে যোগদান কৰে ।
লগতে পঢ়ক: জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে যোগেন্দ্ৰ যাদৱে