চৰাইদেউ,10 ডিচেম্বৰ: কেবৰ বিৰুদ্ধে সোণাৰিৰ সাপেখাতীত উত্তপ্ত পৰিস্থিতি ৷ সাংসদ তপন গগৈ বিমলাপুৰস্থিত ঘৰ ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি । চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদিপ কুমবাংৰ লগত মুখামখি হতাহতি প্ৰতিবাদকাৰীৰ । তপন গগৈৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ । দল সংগঠনৰ লগতে হাজাৰ হাজাৰ প্ৰতিবাদ কাৰীৰ অংশগ্ৰহণ ।
সাংসদ তপন গগৈ ঘৰ ঘেৰাও : প্ৰতিবাদকাৰীৰ হৈতে আৰক্ষীৰ হতাহতি ইফালে কেৱৰ বিৰোধিতাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও কৰে ছাত্ৰ সন্থাৰ লগতে সমষ্টিৰ ৰাইজে । বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিলে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা আৰু বটদ্ৰৱা সমষ্টিৰ কেবা খনো গাৱঁৰ ৰাইজে । ৰাইজৰ পক্ষত থিয় দি বিজেপি দল ত্যাগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক বিধায়িকা আঙুৰলতা ডেকাই । যদি ৰাইজৰ পক্ষত নাথাকে আঙুৰলতা ডেকা তেন্তে সমষ্টিত প্ৰৱেশ নিসিদ্ধ কৰাৰ হুংকাৰ দল সংগঠনৰ । বিধায়িকা আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও প্ৰতিবাদকাৰীৰ লগত পঢ়ক:নগাঁৱত প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি